NORTHEAST NOW (Assamese)
অসম

আধাৰৰ সৈতে বেংক একাউণ্ট, ম’বাইল নম্বৰ সংযোগ কৰাৰ সময়সীমা অনিৰ্দিষ্টকাললৈকে বৃদ্ধি

Posted by: এন ই নাও নিউজ March 13, 2018 6:42 pm
Aadhaar

আজি উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ স্থিতিত কয় যে আধাৰ নম্বৰৰ সৈতে বেংক একাউণ্ট আৰু ম’বাইল নম্বৰ সংযোগ কৰাৰ বাবে ৩১ মাৰ্চৰ যি সময়সীমা আছিল সেইটো অনিৰ্দিষ্টকাললৈকে বঢ়াই দিয়া হৈছে। এই বিষয়টো সন্দৰ্ভত গঠিত সাংবিধানিক বিচাৰপীঠখনে কয় যে এই সময়সীমা ন্যায়ালয়ে বিভিন্ন সেৱাবোৰৰ সৈতে আধাৰ নম্বৰক সংযুক্ত কৰা সন্দৰ্ভত ৰায় দিয়াৰ পিছতহে সংযোগ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হ’ব।

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু ন্যায়াধীশ ক্ৰমে এ কে চিক্ৰি, এ এম খানৱিলকাৰ, ডি ৱাই চন্দ্ৰচূড় আৰু অশোক ভূষণ -এই পাঁচজন বিচাৰকেৰে গঠিত বিচাৰপীঠখনে কয় যে আধাৰ সংযোগ সম্পৰ্কীয় ৰায় নোহোৱা পৰ্য্যন্ত কোনো সময়সীমা নাথাকিব।

অৱশ্যে কয় যে ৰাজসাহায্য আৰু হিতাকাৰীৰ আঁচনিৰ ক্ষেত্ৰত এই ৩১ মাৰ্চৰ সময়সীমা বাহাল থাকিব।

উল্লেখযোগ্য যে চৰকাৰে আধাৰকাৰ্ডক বেংকৰ একাউণ্ট, ম’বাইল নম্বৰ আৰু স্থায়ী একাউণ্ট নম্বৰ (পান) সৈতে সংযোগ কৰাটো বাধ্যতামূলক কৰা কাৰ্য্যৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আৱেদনবোৰৰ উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে। এই শুনানি অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কোনো সম্ভাৱনা নাই।

আনহাতে যোৱা ৬ মাৰ্চত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছিল যে কেন্দ্ৰই আধাৰ কাৰ্ডক সংযুক্ত কৰাৰ সময়সীমা বৃদ্ধি কৰিব পাৰে।

উল্লেখ কৰিব পাৰি যে যোৱা ২০১৭ চনৰ জুন মাহত নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন কল্যাণমূলক আঁচনিবোৰ আৰু কিছুমান চৰকাৰী সেৱাৰ সৈতে হিতাধিকাৰীসকলৰ আধাৰ (Aadhaar) সংযোগ কৰাটো বাধ্যতামূলক কৰাৰ নিয়ম কৰিছিল। লগতে ২০১৭ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বেংকৰ একাউণ্টৰ সৈতেও আধাৰ সংযোগ কৰাটো বাধ্যতামূলক কৰিছিল। ইয়াৰ অন্যথাই একাউণ্টবোৰ নিষ্ক্ৰিয় হৈ পৰিব বুলি কোৱা হৈছিল। পিছত এই সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছিল।

আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে দিয়া সিদ্ধান্তটোৱে বহুতকে সকাহ দিব বুলি আশা কৰা হৈছে। কিয়নো দেশৰ বিভিন্ন ঠাইৰ লোকে এতিয়াও আধাৰ লাভ কৰা নাই।