NORTHEAST NOW (Assamese)
অসম

ক’ল ইণ্ডিয়া মুকলিৰ দাবীত লিডুত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 30, 2020 7:30 pm

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মুকলিৰ দাবীত ধাৰাবাহিকভাবে আন্দোল অব্যাহত আছে।

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্ধশতাধিক সদস্যই মাৰ্ঘেৰিটাৰ লিডু ৰেলৱে ৰঙ্গমঞ্চত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি দীৰ্ঘদিনে বন্ধ হৈ থকা মাৰ্ঘেৰিটাৰ কয়লাখনি সমূহ অনতিপলমে খোলাৰ দাবী জনায়।

কেন্দ্ৰ তথা ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো চলিত বৰ্ষৰ ৩ জুনৰ পৰা বন্ধ হৈ থকা উত্তৰ-পূৱ কয়লাক্ষেত্ৰ মুকলি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ যোগ্য যে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিগত অক্টোৱৰ মাহৰ পৰা উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মাইনিং কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰিছিল যদিও আজি নৱেম্বৰ শেষ হোৱাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত যুৱ ছাত্ৰ পৰিষদৰ লগতে মাৰ্ঘেৰিটাৰ সচেতন ৰাইজ ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ মাৰ্ঘেৰিটা মহকুমাৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট কূ-প্ৰভাৱ পৰিব যদিও এই ক’ল ইণ্ডিয়া বন্ধ হৈ পৰে।

ইতিমধ্যে, বহু কৰ্মচাৰীক মাৰ্ঘেৰিটা উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ কাৰ্যালয়ৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ বদলি কৰাত মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়া স্বাভাৱিকতে এক অনিশ্চিত ভৱিষ্যৎ দিশে গতি কৰিছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে।

কিছু দিন পূৰ্বে অসম মুখ্য মন্ত্ৰীক মাৰ্ঘেৰিটা পৰা যোৱা এটা সজাতি দলে গুৱাহাটীত সাক্ষাৎ কৰি ক’ল ইণ্ডিয়া মুকুলিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি এক পত্ৰ প্ৰদান কৰিছিল যদিও মুখ্য মন্ত্ৰীৰ তৰফৰ পৰাও বিশেষ স্থিতি স্পষ্ট কৰা পৰিলক্ষিত হোৱা নায়।