NORTHEAST NOW (Assamese)
Popular Stories

মাকে মোবাইল ফোন কাঢ়ি নিয়াৰ বাবেই আত্মহত্যাৰ পথ বাছি ল’লে এটি ১৩ বছৰীয়া কিশোৰে

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা December 1, 2020 6:48 pm

নিজৰ মাকে মোবাইল ফোন কাঢ়ি নিয়াৰ বাবে এগৰাকী কিশোৰে আত্মহত্যাৰ দৰে কঠোৰ পথ বাছি লোৱা ঘটনাই নগাঁও জিলাৰ জুৰীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত আধাখুন্দা গাঁৱত সোমবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে, ১৩ বছৰীয়া পুত্ৰ হাফিজুল ইছলামে মোবাইলত গেম খেলি থাকোতে মাকে মোবাইল ফোনটো কাঢ়ি নিয়ে। এই কথাত যথেষ্ট ক্ষুভিত হৈ পৰে হাফিজুল ইছলাম।

ঘটনাৰ সবিশেষ অনুসৰি ইছলামে মোবাইলত ফ্ৰি ফাইয়াৰ (free fire) গেম খেলি থকাৰ সময়তে মাকে মোবাইলটো বিচাৰিছিল। কিন্তু মোবাইলটো দিব বিচৰা নাছিল কিশোৰজনে‌।

তৎস্বত্বেও মাকে মোবাইলটো কাঢ়ি লৈ বজাৰলৈ লৈ যোৱাৰ বাবেই আত্মহত্যাৰ পথ বাছি লৈ কৰুণ মৃত্যুক সাৱটি লয় কিশোৰজনে।

যাৰ বাবে পিতৃহীন কিশোৰজনৰ পৰিয়ালটো বৰ্তমান হিয়া ভগা কান্দোনত ভাগি পৰিছে।

ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।‌

মন কৰিবলগীয়া যে, নিজৰ সন্তানক মোবাইল দিয়াৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰাৰ বাবেই এনেধৰণৰ কৰুণ ঘটনা সংঘটিত হৈছে বুলি সচেতন মহলে মন্তব্য কৰিছে।