NORTHEAST NOW (Assamese)
অসম

স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ বিচাৰে বাংলাদেশে; ইজৰাইলক প্ৰত্যাহ্বান জনায় হাছিনাৰ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2020 9:02 pm
Sheikh-Hasina-1-750x375

এখন স্বাধীন, সুসংহত আৰু শক্তিশালী পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ পক্ষে মত প্ৰকাশ কৰিছে বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই।

দেওবাৰে আন্তৰ্জাতিক পেলেষ্টাইন সংহতি দিৱস উপলক্ষে বাৰ্তা প্ৰেৰণ কৰি পেলেষ্টাইনৰ নাগৰিক সকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, জাতীয় স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ প্ৰতি বাংলাদেশৰ পূৰ্ণ সমৰ্থন আছে বুলি প্ৰধান মন্ত্ৰী হাছিনাই কয়।

‘‘পূৰ্বৰ জেৰুজালেমৰ সৈতে ১৯৬৭ চনৰ সীমান্তৰ ভিত্তিত আল কুদচ আল-চৰিফক ৰাজধানী কৰি দ্বি-ৰাষ্ট্ৰনীতিৰ ভিত্তিত এখন স্বাধীন আৰু শক্তিশালী পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ প্ৰতি থকা আমাৰ সমৰ্থন আমি পুনৰ উল্লেখ কৰিছো,’’ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে এইদৰে উল্লেখ কৰে।

আনহাতে, বাংলাদেশৰ জাতীয় পিতা বংগবন্ধু শ্বেইখ মুজিবৰ ৰহমানৰ দিকদিৰ্শন আৰু বাংলাদেশৰ সংবিধানৰ সৈতে সংগতি ৰাখি বাংলাদেশে সদায় সাম্ৰাজ্যবাদ, ঔপনিবেশবাদ আৰু বৰ্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি মানুহৰ নিজৰ অধিকাৰৰ সংগ্ৰামত সমৰ্থন ব্যক্ত কৰি আহিছে বুলিও ৰাষ্ট্ৰপতি হামিদে লগতে কয়।

পেলেষ্টাইনৰ নাগৰিক সকলে দীৰ্ঘদিনৰ পৰা ভোগ কৰি অহা নাৰকীয় জীৱন যন্ত্ৰণাৰ স্থায়ী সমাধানৰ বাবে বিশ্বৰ সমাজক একগোট হৈ কাম কৰাৰ বাবেও বাংলাদেশে আহ্বান জনাই আহিছে বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয়।