NORTHEAST NOW (Assamese)
অসম

ছোৱালীজনীৰ জন্ম হ’ব লাগিছিল ২৭ বছৰ আগতে, কিন্তু জন্ম হৈছে এতিয়া! অসম্ভৱ কথাটো কিদৰে হ’ল সম্ভৱ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2020 4:10 pm
a embryo

কথাতে কয় জন্ম,মৃত্যু, বিবাহ কেতিয়া-ক’ত হয় সেয়া কোনেও কব নোৱাৰে।

কিন্তু ক’ব নোৱাৰা বহু কথাই এতিয়া বিজ্ঞানৰ বলত মানুহে কব পৰা হৈছে।

বিশেষকৈ জন্মৰ ক্ষেত্ৰত বিজ্ঞানে এতিয়া বহু কথাই আগতীয়াকৈ কব পৰা হৈছে অথবা কাৰোৱাৰ জন্ম সময়তকৈ আগতেই দিয়াব পৰা হৈছে।

এজনী ছোৱালী, যাৰ বয়স এতিয়া হ’ব লাগিছিল ২৭ বছৰ সেই গৰাকী ছোৱালীৰ জন্ম ৰোধ কৰি দিয়া হৈছিল।

২৭ বছৰ ধৰি পৃথিৱী দেখাৰ অপেক্ষা কৰা ছোৱালী জনীয়ে এতিয়া জন্ম লাভ কৰিবলৈ সক্ষম হৈছে।

কথাবোৰ শুনিবলৈ আচহুৱা যেন লাগিছে যদিও বিজ্ঞানে এনে সকলো কথাই সম্ভৱ কৰি তুলিছে।

দৰাচলতে ২৭ বছৰ আগতে জন্ম লাভ কৰিবলগীয়া ছোৱালী জনী আছিল এটা ভ্ৰূণৰ ৰূপত।

হিমগৃহত বিশেষ পদ্ধতিৰে সংৰক্ষণ কৰা হৈছিল সেই ভ্ৰূণ।

সেই ভ্ৰূণ গ্ৰহণ কৰিয়েই শেহতীয়াকৈ আমেৰিকাৰ নিঃসন্তান দম্পতি টিনা গিবছন আৰু বেন গিবছনে লাভ কৰিছে এটি কন্যা সন্তান।কন্যা সন্তানটিৰ নাম ৰখা হৈছে মলি গিবছন।

মলিৰ জন্ম সন্দৰ্ভত মন্তব্য কৰি আমেৰিকাৰ নেছনেল এব্ৰ’ছ ডনেঠন চেণ্টাৰৰ মুৰব্বী কেৰল ছমাৰফেল্টে কয় যে ১৯৯২ চনৰ অক্টোৱৰ মাহতে ভ্ৰবণৰ ৰূপত হিম গৃহত সংৰক্ষণ কৰা হৈছিল মলিক।

পৰীক্ষামূলক ভাবে ভ্ৰূণটো ২৭ বছৰ ধৰি একেদৰে ৰখা হৈছিল যদিও গিবছন দম্পতিৰ অনুৰোধত ভ্ৰূণটোক পূৰ্ণাংগ ৰূপ দিয়াৰ সিদ্ধান্ত লোৱা হয়।

উল্লেখ্য বিশ্বত ইমান বেছি দিন সংৰক্ষণ কৰা ভ্ৰূণৰ পৰা সন্তান জন্ম দিয়াৰ এয়াই প্ৰথমটো ঘটনা।

ছমাৰফেল্টে প্ৰকাশ কৰা মতে অনিৰ্দিষ্টকাললৈ ভ্ৰূণ সংৰক্ষণ কৰাৰ পদ্ধতিও তেওঁলোকে উদ্ভাৱন কৰাৰ দিশে অগ্ৰসৰ হৈছে।