NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস পালন

Posted by: চানু গগৈ Updated by: চানু গগৈ December 3, 2020 8:45 pm

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত, মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা দিব্যাংগ সন্থাৰ সহযোগত আজি মৰিগাঁৱত বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয় ।

জিলা দিব্যাংগ সন্থাৰ মৰিগাঁও চহৰৰ সোণাৰিগাঁৱস্থিত কাৰ্যালয়ত অনুষ্ঠিত এই বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয় ।

মৰিগাঁও জিলা দিব্যাংগ সন্থাৰ সভাপতি লীলাধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: ৰোহিনী কুমাৰ বৰকটকীয়ে দিব্যাংগ সকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে ।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা সাংবাদিক সংন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনে।

সভাত ভাষণ প্ৰদান কৰি দিব্যাংগ সকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি এই সকলক স্বাবলম্বলৰ পথ মুকলি কৰি দিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মৰিগাঁও জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা, সহকাৰী বিষয়া সত্যেন্দ্ৰ কোঁৱৰ, বিশিষ্ট সমাজ সেৱাৰ বিকি জৈন আৰু অনুৰাগ শৰ্মায়ো ভাষণ প্ৰদান কৰে।

সভাত পংকী ডেকা, মিনতি পাতৰ, দীপ্তি পাতৰ, কবিতা মেধি আৰু জয়মতী দাস আদি শিল্পী সকলে কবিতা আবৃত্তি আৰু গীত আদি পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

আনহাতে, অনুষ্ঠানত বিমল মেধি আৰু অনুৰাগ শৰ্মা নেতৃত্বাধীন এটি এন জি অ’ই সকলোৰে মাজত বিনামূলীয়াকৈ চাহ যোগান ধৰে।

ইপিনে, বিশ্ব দিব্যাংগ দিৱসৰ পুৱা সন্থাৰ কাৰ্যালয় প্ৰাংগনত বন্তি প্ৰজ্বলন কৰে জিলা দিব্যাংগ সন্থাৰ যুটীয়া সম্পাদক যাদৱ লাহনে লগতে পতাকা উত্তোলন কৰে সন্থাৰ উপ-সভাপতি ম: তাহিৰ উদ্দিনে ।