NORTHEAST NOW (Assamese)
অসম

৬৬ বছৰীয়া পিতৃৰ বিয়া পাতি দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃক পাই সুখী সায়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 5, 2020 6:19 pm
a biya

প্ৰেমে হেনো বয়স নামানে।

সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দিলে এজন ৬৬ বছৰীয়া লোকে।

লোকজনৰ প্ৰেমক পূৰ্ণতা দিবলৈ পুত্ৰই পাতি দিলে তেওঁৰ বিয়া।

সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে ৬৬ বছৰীয়া পিতৃৰ বিয়া পাতি দি অত্যন্ত সুখী পুত্ৰ।নিভাঁজ প্ৰেমে পূৰ্ণতা লাভৰ এই ঘটনা ঘটিছে পশ্চিমবংগৰ কলকাতাত।

কলকাতা নিবাসী ৬৬ বছৰীয়া তৰুণ কান্তি পালৰ স্ত্রীৰ বিয়োগ ঘটা প্ৰায় ১০ বছৰেই হ’ল।

একমাত্ৰ পুত্ৰ সায়নো কৰ্মসূত্ৰে থাকে কানাডাত।

সেয়ে বিশাল ঘৰটোত দিনৰ পিছত দিন ধৰি নিঃসংগ জীৱন কটাবলগীয়া হৈছিল তৰুণ কান্তি পালে।

পালে নিতৌ ভট্টনগৰ অঞ্চলত থকা ৰামকৃষ্ণ মিছন আশ্ৰমলৈ পুৱা-গধূলি খোজ কাঢ়িবলৈ যায়।

আশ্ৰম প্ৰাংগনলৈ নিতৌ খোজ কাঢ়িবলৈ আহে ৬৩ বছৰীয়া মহিলা স্বপ্না ৰয়।

তৰুণ কান্তি পালৰ দৰেই নিঃসংগ জীৱন কটাইছিল স্বপ্না ৰায়েও।নিঃসংগতাই তেওঁকো যেন আমুৱাইছিল।

খোজ কাঢ়িবলৈ অহাৰ সময়তে  স্বপ্নাৰ সৈতে চিনাকী হৈছিল তৰুণ কান্তি পালৰ।

সেই চিনাকীয়েই লাহে লাহে প্ৰেমৰ ৰূপ ল’লে।তৰুণ কান্তি আৰু স্বপ্নাই সিদ্ধান্ত ল’লে সেই প্ৰেমক তেওঁলোকে বিবাহৰ জৰিয়তে পূৰ্ণতা দিব।

কথাষাৰ গৈ কানাডাত থকা পুত্ৰ সায়নৰো কাণত পৰিল। অকণো সময় বিলম্ব নকৰি কানাডাৰ পৰা কলকাতালৈ উৰা মাৰি আহিল সায়ন।

আহিয়েই ব্যস্তে হৈ পৰিল পিতৃৰ বিয়াৰ যা-জোগাৰত।

অৱশেষত পুত্ৰ সায়নৰ প্ৰচেষ্টাতে ৬৬ বছৰীয়া পিতৃ তৰুম কান্তি পাল আৰু স্বপ্না ৰয়ৰ বিয়া হৈ গ’ল।

বহু বছৰ ধৰি শূন্য হৈ থকা তৰুণ কান্তিৰ ঘৰখনলৈ পুনৰ বৈ আহিল আন্দৰ বন্যা।

৬৩ বছৰীয়া নতুন মাকক পাই সুখী সায়নো। নহ’বই বা কিয়, মা বুলি মাতিবলৈতো মানুহ এগৰাকী পাইছে তেওঁ।