NORTHEAST NOW (Assamese)
অসম

দিল্লী সীমান্তত কৃষক বিক্ষোভত চামিল হ’ল অভিনেতা দিলজিৎ; দান দিলে ১কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2020 9:02 am
দিলজিৎ

কৃষক বিক্ষোভকলৈ টুইটাৰত অভিনেত্ৰী কংগনা ৰানাৱটৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱা অভিনেতা দিলজিৎ দোছাঞ্জে এইবাৰ চিধাচিধি দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভত চামিল হৈছে।

কৃষক বিক্ষোভৰ সমৰ্থনত কৃষকসকলৰ স্বাৰ্থৰ হ’কে সৰৱ গায়ক-অভিনেতাগৰাকীয়ে বিক্ষোভত যোগদান কৰি কৃষকসকলৰ মাজত ৰাস্তাতে বহি পৰে।

শনিবাৰে বিয়লি দিল্লীৰ সমীপৰ সিংঘু সীমান্তত দিলজিৎ গৈ উপস্থিত হয়। তাত তেওঁ কৃষকসকলৰ পদক্ষেপক আদৰণি জনায়।

দিলজিতে সংবাদমাধ্যমক কৃষকসকলে শান্তিপূৰ্ণভাৱে বিক্ষোভ প্ৰদৰ্শন কৰি কেনেদৰে সমগ্ৰ দেশৰ বাবে দৃষ্টান্ত হৈ পৰিছে সেয়া দেখাবলৈ অনুৰোধ কৰে।

অভিনেতাগৰাকীয়ে বিক্ষোভ সাৱ্যস্ত কৰি থকা কৃষকসকলৰ শীতৰ কাপোৰ ছুৱেটাৰ, কম্বল আদি কিনি দিয়াৰ ব্যৱস্থা কৰিবলৈ ১কোটি টকা দান কৰে।

উল্লেখ্য যে কংগনা ৰানাৱটৰ সৈতে টুইটাৰ যুদ্ধৰ পাছতে দুদিনত পাঞ্জাৱী তাৰকাগৰাকীৰ প্ৰায় চাৰি লাখ ফলোৱাৰ্ছ বৃদ্ধি পোৱা বুলি এক সমীক্ষাত কোৱা হৈছে।

আনহাতে, শনিবাৰে কৃষক বিক্ষোভত ভাষণ ৰখাৰ সময়তো দিলজিতে কংগনাক আক্ৰমণ কৰিবলৈ নাপাহৰিলে।