NORTHEAST NOW (Assamese)
অসম

কৰ’না ভেকচিন প্ৰয়োগৰ অনুমোদন বিচাৰি এইবাৰ ভাৰত বায়’টেকৰ আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2020 8:20 am
c35ff9835154811c4b54232f204eecc3

এইবাৰ আৰু এটা ভাৰতীয় সংস্থাই কৰ’না ভেকচিনৰ জৰুৰী ভিত্তিত প্ৰয়োগৰ অনুমোদন বিচাৰি আবেদন কৰিছে। ভাৰত বায়’টেকে ইয়াৰ ভেকচিন কোভাক্সিনৰ বাবে ড্ৰাগছ কন্ট্ৰ’লাৰ অফ ইণ্ডিয়াৰ পৰা অনুমোদন বিচাৰি আবেদন জনাইছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ) আৰু নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰ’লজিৰ সৈতে যৌথভাৱে ভাৰত বায়’টেকে কৰ’নাৰ ভেকচিন প্ৰস্তুত কৰিছে।

ইতিমধ্যে, সংস্থাটোৱে ইয়াৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল সম্পূৰ্ণ কৰিছে। সংস্থাটোৱে এই ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে নিশ্চিত হৈছে।

ইতিমধ্যে, ফাইজাৰ-বায়’এনটেক আৰু ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই ভাৰতত তেওঁলোকৰ কৰ’নাৰ ভেকচিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদন বিচাৰি আবেদন জনাইছে।

এইবাৰ তৃতীয়টো সংস্থা হিচাপে ভাৰত বায়’টেকেও কোভাক্সিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদন বিচাৰি আবেদন জনালে।

চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰ’ল অৰ্গেনাইজেশ্যনত বিশেষজ্ঞ সমিতিয়ে এই সংস্থা তিনিটাৰ আবেদন পৰীক্ষা কৰি চাব।

সূত্ৰসমূহৰ মতে, এতিয়ালৈকে সমিতিৰ ওচৰলৈ এখনো আবেদন প্ৰেৰণ কৰা হোৱা নাই। আবেদনৰ মূল্যায়নৰ বাবে কেতিয়ালৈ সমিতিৰ বৈঠক কেতিয়ালৈ বহিব সেয়া অৱশ্যে জানিব পৰা হোৱা নাই যদিও বুধাবাৰে বিশেষজ্ঞ সমিতিৰ বৈঠক বহাৰ সম্ভাৱনা আছে।

তিনিটাকৈ সংস্থাই কৰ’না ভেকচিনৰ প্ৰয়োগৰ বাবে আবেদন জনোৱা খৱৰে স্বাভাৱিকতে দেশখনত কৰ’নাৰ বিৰুদ্ধে যুঁজখনত জনসাধাৰণক মানসিকভাৱে শক্তি দিব বুলি ধাৰণা কৰিব পাৰি।