NORTHEAST NOW (Assamese)
অসম

ৰেডিঅ’চিটি ফ্ৰীডম এৱৰ্ডছলৈ মনোনীত সংগীতশিল্পী আল’ব’ নাগা

Posted by: এন ই নাও নিউজ March 14, 2018 3:58 pm

ৰেডিঅ’চিটি ফ্ৰীডম এৱৰ্ডছ ৫ৰ ‘শ্ৰেষ্ঠ পপ শিল্পী’ সন্মানৰ বাবে মনোনীত হৈছে সংগীত শিল্পী আল’ব’ নাগা।

সংগীতকাৰজনে কয়, ‘মই বৰ সুখী আৰু ইমান দূৰ পোওৱাৰ বাবে ঈশ্বৰক ধন্যবাদ আৰু মোৰ কষ্টৰ কামৰ বাবে স্বীকৃতি পোওৱাত। সমৰ্থন কৰিবলে, সদায় মোৰ বাবে প্ৰাৰ্থনা কৰি যাবলৈ আৰু মোক ভোটো দিবলৈ মই মোৰ সকলো বন্ধু, সমৰ্থক আৰু শুভাকাংক্ষীক অনুৰোধ জনাইছো।’

ৰেডিঅ’ চিটি ফ্ৰীডম এৱৰ্ডছে ২০১৩ চনত ইয়াৰ আৰম্ভণিৰে পৰা ভাৰতৰ ইণ্ডিপেণ্ডেণ্ট সংগীতৰ গতিধাৰালৈ পৰিৱৰ্তন আনিছে। তাৰোপৰি বিভিন্ন শৈলী আৰু ভাষাৰ ইণ্ডি সংগীতৰ ৰস আৰু বৈচিত্ৰ্যৰ সোৱাদ লোৱাৰ ই হ’ল এক অনন্য মঞ্চ।

বিভিন্ন শৈলী আাৰু ভাষাৰ ইণ্ডি সংগীতশিল্পীসকলৰ স্বীকৃতি আৰু সন্মানৰ বাবে এই সন্মানটো হ’ল এক মঞ্চ।