NORTHEAST NOW (Assamese)
অসম

এথেন্সৰ বিমান বন্দৰত যাত্ৰীক মিঠা হাঁহিৰে সম্ভাষণ জনাই যাব দিপীকা পাডুকনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2020 6:00 pm
Deepika_Padukone_smile

বলীউডৰ অভিনেত্ৰী দিপীকা পাডুকনৰ হাঁহিটোৰ যেন কিবা যাদু আছে।

অভিনেত্ৰীগৰাকীয়ে হাঁহিলে দুয়োখন গালতে সৃষ্টি হয় সুন্দৰ ডিম্পলৰ।

সেই মিঠা হাঁহিটোৰেই এতিয়া এথেন্সৰ বিমান বন্দৰত যাত্ৰেীক স্বাগতম জনাব দিপীকাই।

দৰাচলতে বিমান বন্দৰটোত সোঁশৰীৰে উপস্থিত নাথাকিলেও দিপীকা পাডুকনৰ হাঁহি থকা মূৰ্তিয়ে যাত্ৰীক স্বাগতম জনাই যাব।

শেহতীয়াকৈ এথেন্স আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত স্থাপন কৰা হৈছে বিশ্বৰ বিভিন্ন ক্ষেত্ৰ কেইবাগৰাকীো স্বনাম ধন্য ব্যক্তিৰ হাঁহি থকা প্ৰতিমূৰ্তি।তাত স্থান লাভ কৰা ব্যক্তিসকলৰ ভিতৰত দিপীকা পাডুকনো এগৰাকী।

‘দ্য অথেনটিক স্মাইলছ অৱ পিপ’ল অৱ দ্য ৱৰ্ল্ড’ শীৰ্ষক উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শিত দিপীকাৰ হাঁহি থকা মূৰ্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ক’লা পাথৰেৰে সজা দিপীকাৰ মূৰ্তিটোৰ তলত লিখা আছে—‘এথেন্স বিমান বন্দৰত বলীউডৰ অভিনেত্ৰীৰ হাঁহি’।

এনেদৰে বিদেশৰ বিমান বন্দৰত এগৰাকী ভাৰতীয় অভিনেত্ৰীৰ প্ৰতিমূৰ্তিয়ে স্থান লাভ কৰাত স্বাভাৱিকতে গৌৰৱবোধ কৰিছে ভাৰতবাসীৰ লগতে এথেন্সত বাস কৰা ভাৰতীয়সকলে।

সব্যসাচী মুখোপাধ্যায়ে ডিজাইন কৰা সাজ পৰিহিত দিপীকাৰ এখন ফটো চায়েই সেই মূৰ্তিটো সাজি উলিওৱা হৈছে।