NORTHEAST NOW (Assamese)
অসম

৯৯৯* : অসমত কোভিড সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2020 9:50 pm
767 persons test Covid19 positive in Assam on Friday

অসমত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৯৯ গৰাকীলৈ বৃদ্ধি পাইছে।

আজিৰ দিনটোত ৰাজ্যত পুনৰ এগৰাকী ক’ৰ’না আক্ৰান্তই প্ৰাণ হেৰুৱাইছে।

আজি মৃত্যু হোৱা ব্যক্তিগৰাকী হৈছে শিৱসাগৰৰ এলিজাবেথ স্মিথ (৭৮)।

ৰাজ্যৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না সংক্ৰমিত হৈছে আৰু ইয়াৰ সংক্ৰমণত প্ৰাণ হেৰুৱাইছে।

আনহাতে, অসমত আজি নতুনকৈ ১৪০ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৫ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।

ইপিনে, আজি ১৬৫ গৰাকী লোক ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণ মুক্ত হয়।

অসমত বৰ্তমানলৈ মুঠ ২১৪৩০৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২০৯৭৮৭ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হয়।

বৰ্তমান ৰাজ্যত ৩৫১৬ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।