NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আধাৰ কাৰ্ডৰ পঞ্জীয়নৰ ওপৰত দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত

Posted by: ৰিনয় বসুমতাৰী March 14, 2018 7:47 pm
Aadhar enrolment training held in Kokrajhar

আজি কোকৰাঝাৰ জিলা প্ৰশাসনে আধাৰ কাৰ্ডৰ পঞ্জীয়নৰ ওপৰত এক দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। কোকৰাঝাৰ নগৰত অৱস্থিত প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত উক্ত কাৰ্যসূচীত কোকৰাঝাৰ আৰু চিৰাং জিলা দুখনৰ আধাৰ কাৰ্ড পঞ্জীয়নৰ নিৰীক্ষক সকলক প্ৰশিক্ষণ দিয়া হয়।

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাই উদ্বোধন কৰা প্ৰশিক্ষণ কাৰ্যসূচীত  চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্য, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত পি বি ছেত্ৰী আৰু ভৰত কোঁৱৰ উপস্থিত আছিল।

অনুষ্ঠানটোত Unique Identification Authority of India (UIDAI)ৰ প্ৰণালী বিশ্লেষক জোহৰুল ইছলামে কোকৰাঝাৰ জিলাৰ ৪৩ গৰাকী বিষয়া তথা চিৰাং জিলাৰ ৩১ গৰাকী বিষয়াক আধাৰ কাৰ্ড পঞ্জীয়নৰ নিৰীক্ষকৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে থকা নিৰ্দেশনা সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।

ইতিমধ্যে কোকৰাঝাৰৰ ৩৫ টা আৰু চিৰাং জিলাৰ ৩১ চৰকাৰী কাৰ্যালয়ক আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনে নিৰ্ণয় কৰিছে।