NORTHEAST NOW (Assamese)
অসম

বাঢ়ি গৈছে দেহৰ ওজন? নিশা ভাত খোৱাসকলে এই উপায়েৰে কমাব পাৰিব ওজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 3:56 pm
a rice

দেহৰ ওজন প্ৰয়োজনতকৈ বাঢ়ি গ’লে নানান ৰোগে দেহত বাহ লব পাৰে।
সেয়ে দেহৰ ওজন সদায় স্বাভাৱিক কৰি ৰখাৰ চেষ্টা চলাব লাগে।

মূলতঃ অত্যধিক তেল-মছলাজাতীয় খাদ্য গ্ৰহণ,শাৰীৰিক পৰিশ্ৰম নকৰা আদি কাৰণতে দেহৰ ওজন বৃদ্ধি পায়।

ওজন হ্ৰাস কৰিবলৈ বহুতেই ডায়েটিং কৰে যদিও সঠিক ৰূপত ডায়েটিং নকৰাৰ বাবে হিতে বিপৰীতহে হোৱাৰ আশংকা থাকে।

অত্যধিক ওজনৰ ব্যক্তিসকলে দ্ৰুত ওজন কমাব পৰাকৈ খাদ্য বিশেষজ্ঞসকলে প্ৰস্তুত কৰা নিশাৰ আহাৰৰ  বিধি এয়াত উল্লেখ কৰা হ’ল।

এই বিধি মানি  চলিলে অতি কম দিনৰ ভিতৰতে দেহৰ অতিৰিক্ত ওজন কমাব পৰা যাব।

খাদ্য বিধি-১(যিসকলে ভাত খায়)

বহুতৰে ধাৰণা যে ওজন কমাবলৈ নিশা ভাত খালে নচলিব।কিন্তু পৰিমিত মাত্ৰাত নিশা ভাত খায়ো ওজন কমাব পাৰি। ওজন কমাব বিচৰাসকলে নিশা

ভাত খোৱাৰ ক্ষেত্ৰত এই বিধি মানি চলিলে সুফল পাব—

১ কাপ ভাত—নিশা ভাতৰ পৰিমাণ মজলীয়া আকাৰৰ চাহ কাপেৰে একাপ হ’ব লাগিব।১ কাপতকৈ বেছি ভাত খালে নহ’ব।

মাছ,মাংসৰ পৰিমাণ—মাছ বা মাংস খোৱা সকলে মজলীয়া আকৃতিৰ এটুকুৰা মাছ বা মাংস খাব পাৰে।

১ কাপ তৰকাৰী—নিশাৰ ভাতৰ সৈতে ১ কাপ তৰকাৰী খাব পাৰে।এই তৰকাৰী কম তেলত ভজা বা ৰন্ধা হ’ব লাগিব।কেঁচা চালাড খাব পাৰিলে ভাল।

১ কাপ দাইল—নিশা ভাতৰ সৈতে ১ কাপ দাইল খাব পাৰে।দাইলে চৰ্বি নাশ কৰাৰ লগতে শৰীৰক পুষ্টি যোগায়।

১ কাপ টেঙা দৈ—নিশা ভাতৰ সৈতে ১ কাপ টেঙা দৈ খালে চৰ্বি দূৰ হোৱাৰ লগতে হজমতো সহায় হ’ব।