NORTHEAST NOW (Assamese)
অসম

১৬ৰ পৰা ১৯ ডিচেম্বৰলৈ ড্ৰাই দে’ ঘোষণা এখন বিশেষ জিলাত : কোনখন জিলা আৰু কিয় ? জানিবলৈ পঢ়ক

Posted by: চানু গগৈ Updated by: চানু গগৈ December 12, 2020 6:10 pm
1-3

মৰিগাঁও জিলাত ড্ৰাই ডে ঘোষণা কৰা হৈছে।

মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত এই ড্ৰাই ডে ঘোষণা কৰিছে।

জিলাখনৰ ১৯ টা পৰিষদীয় সমষ্টিত ১৭ ডিচেম্বৰ তাৰিখে ১৮ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বত ভোট গণনা কাৰ্য চলিব।

সেয়ে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদনা কৰিবলৈ সহায় হোৱাকৈ জিলা প্ৰশাসনে অহা ১৬, ১৭ আৰু ১৯ ডিচেম্বৰ তাৰিখ এই তিনিটা দিনত সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰিছে।

বিলাতী অথবা স্থানীয়, পাইকাৰী আৰু খুচুৰা সুৰা ব্যৱসায়ীসকলে সেই কেইটা দিনত সুৰা বিপনীসমূহ খোলা ৰাখিব নোৱাৰিব।

এই নিষেধাজ্ঞা উলংঘা কৰিলে অসম আৱকাৰী আইন ২০০০ আৰু ২০১৬ মতে দণ্ডনীয় হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়ে।