NORTHEAST NOW (Assamese)
অসম

পাৰ্টিলৈ আমন্ত্ৰণ কৰি বন্ধুৰ ৰাছিয়ান পত্নীক ধৰ্ষণ; সেনাৰ কৰ্ণেলৰ বিৰুদ্ধে দাখিল এজাহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2020 9:50 am
WhatsApp Image 2020-12-14 at 8.07.41 AM

অ’ফিচাৰ্ছ মেচত সপত্নীক বন্ধুক আমন্ত্ৰণ জনাই তেওঁৰ ৰাছিয়ান পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলৰ বিৰুদ্ধে।

বৰ্তমান উত্তৰ প্ৰদেশৰ কানপুৰত নিযুক্ত হৈ আছে। দেওবাৰে নিজৰ বিদেশী পত্নীক ধৰ্ষণৰ অভিযোগত কৰ্ণেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ব্যক্তিগৰাকীয়ে।

বাতৰি অনুসৰি, কানপুৰৰ কেন্টমেন্ট থানাত এই এজাহাৰ দাখিল কৰা হৈছে।

ব্যক্তিগৰাকীয়ে উল্লেখ কৰা মতে তেওঁৰ পত্নী ৰাছিয়ান বংশোদ্ভুত আৰু বিগত দহ বছৰ ধৰি ভাৰতত বাস কৰি আছে।

অভিযোগ অনুসৰি, সেনা বিষয়াগৰাকীয়ে নিজৰ পদোন্নতি হোৱা বুলি জনাই সপত্নীক বন্ধুক পাৰ্টিলৈ আমন্ত্ৰণ জনায়। শনিবাৰেই লেফটেনেন্ট কৰ্ণেলৰ পৰা কৰ্ণেল পদলৈ পদোন্নতি ঘটা বিষয়াগৰাকীয়ে এই উপলক্ষে অ’ফিচাৰ্ছ মেচত পাৰ্টি দিছিল।

অভিযোগকাৰীয়ে জানিবলৈ দিয়া মতে পানীয়ত নিচাযুক্ত দ্ৰব্য মিহলাই দিয়া হৈছিল। সেই পানীয় গ্ৰহণ কৰাৰ পাছতেই তেওঁ অচেতন হৈ পৰে আৰু তাৰ সুযোগ গ্ৰহণ কৰি কৰ্ণেলগৰাকীয়ে পত্নীক ধৰ্ষণ কৰে।

পত্নীয়ে বাধা দিবলৈ চেষ্টা কৰোতে সেনা বিষয়াগৰাকীয়ে শাৰীৰিক নিৰ্যাতন চলোৱা বুলিও এজাহাৰত উল্লেখ কৰা হৈছে।

অভিযোগৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দিছে। অভিযুক্ত কৰ্ণেলগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীয়ে তথ্য প্ৰমান গোটোৱাৰ চেষ্টা কৰি আছে। ইয়াৰ বাবে আৰক্ষীৰ এটা বিশেষ দলো গঠন কৰা হৈছে।