NORTHEAST NOW (Assamese)
Popular Stories

মাদ্ৰাছ আইআইটিৰ ৬৬ শিক্ষাৰ্থীৰ শৰীৰত কোভিড১৯; বন্ধ কৰি দিয়া হ’ল বিভাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2020 12:31 pm
iit-madras-to-test-all-students-residing-in-hostels-as-spurt-in-symptomatic-cases-reported-in-hostels

ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান,(আইআইটি) মাদ্ৰাছৰ শীক্ষাৰ্থীৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ৰ উপস্থিতিৰ।

তামিলনাডুৰ ৰাজধানী চেন্নাইস্থিত উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ৬৬ গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত পৰিছে কোভিড১৯ৰ উপস্থিতি।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি শিক্ষানুষ্ঠানৰ ৭০০ গৰাকী শিক্ষাৰ্থীৰ কোভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৬৬ গৰাকীৰ শৰীৰত কোভিড উপস্থিতি নিশ্চিত হৈছে।

ইতিমধ্যে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ বিভাগ, পৰীক্ষাগাৰ, কেন্টিন আৰু লাইবেৰী আদি সকলো বন্ধ কৰি দিয়া হৈছে।

জানিব পৰা মতে মাত্ৰ ১০ শতাংশ আৱাসীৰে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ হোষ্টেলসমূহ খোলা হৈছে।

ইফালে উচ্চ শিক্ষা প্ৰতিষ্ঠানখনত কোভিড১৯ত আক্ৰান্ত লোক ধৰা পৰাৰ পিছতে স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। স্বাস্থ্য বিভাগৰ মতে বৰ্তমান প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকল শংকিত হোৱাৰ প্ৰয়োজন নাই।