NORTHEAST NOW (Assamese)
অসম

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম সুস্থিৰ ৰখাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ March 14, 2018 10:23 pm
মুখ্য মন্ত্ৰী

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম সুস্থিৰ ৰখা আৰু গ্ৰাহকৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যেৰে খাদ্য, অসমাৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগক এখন ৰোড মেপ প্ৰস্তুত কৰাৰ উপৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়া সকলৰ সৈতে বৈঠকত অংশ গ্ৰহণ কৰি জৰুৰীকালীন অৱস্থাত হোৱা নাটনিৰ জোৰা মাৰিব পৰাকৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুত ৰখাৰ বাবেও নিৰ্দেশ দিয়ে। লগতে বাৰিষা কালত অতি প্ৰয়োজনীয় সামগ্ৰীৰ পৰিসংখ্যা উলিয়াবলৈও বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন পৰিষদৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিবলৈও কয়। মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বত শীতলীকৰণ ভৱন স্থাপনৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী গৰাকীয়ে বিভাগটোৰ বিষয়া সকলক ক্ষেত্ৰ পৰিদৰ্শন কৰা আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম পৰ্যবেক্ষণ কৰিবৰ বাবে নিৰ্দেশ দিয়ে।

তাৰোপৰি বিভাগটোক অধিক গতিশীল কৰাৰ বাবে পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ ৯৭ খন চহৰত অগ্ৰাধিকাৰৰ ভিত্তিত ‘আমাৰ দোকান অন হুইল’ ব্যৱস্থা ৰূপায়ণ কৰা আৰু লেন-দেনৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাটোক উৎসাহিত কৰাৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বাবে মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত খাদ্য, অসামৰিক আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেস গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তুনু ভৰালী, অতিৰিক্ত মুখ্য সচিব সঞ্জয় কুমাৰ কৃষ্ণ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু বিভাগটোৰ শীৰ্ষ বিষয়া সকল উপস্থিত আছিল।