NORTHEAST NOW (Assamese)
অসম

‘সৰু এটা সম্পৰ্কৰ বাবে আৰু কিমান দিন কান্দিবা’—ঋত্বিক ৰোছনক কি সম্পৰ্কৰ কথা সোঁৱৰাই দিলে কংগনাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 2:44 pm
a konga

ছ’চিয়েল মিডিয়াত প্ৰায়ে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰি অহা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ এইবাৰ আক্ৰমণৰ লক্ষ্য অভিনেতা ঋত্বিক ৰোছন।

এটা পুৰণি সম্পৰ্কৰ কথা মনত পেলাই দি কংগনাই এইবাৰ ঋত্বিকক প্ৰশ্ন কৰিছে—‘সৰু এটা সম্পৰ্কৰ বাবে আৰু কিমান কান্দিবা’?

এটা সময়ত কংগনাক নেদেখিলে ঋত্বিকৰ ভাত পেটলৈ নোযোৱা হৈছিল। কিন্তু সেই কংগনাই আকৌ পিছলৈ ঋত্বিকৰ বাবে হৈ পৰিছিল মহা জঞ্জাল স্বৰূপ।

২০১ত চনত কংগনাৰ সৈতে ঋত্বিকে কৰিছিল কৃশ-৩ ছবি খন। বক্স  অফিচ হিট হোৱা ছবি খনৰ শ্বুটিঙৰ সময়তে ঋত্বিকৰ হৃদয়ত ঠাই কৰি লৈছিল কংগনাই।

তেতিয়াৰে পৰা বহু দিনলৈ চলিছিল ঋত্বিক-কংগনাৰ ৰোমাঞ্চ।

২০১৬ চনত ঋত্বিকে আচম্বিতে কংগনাৰ বিৰুদ্ধে চাইবাৰ চেলত গোচৰ ৰুজু কৰিছিল। কংগনাৰ বিৰুদ্ধে ঋত্বিকে অনলাইনত হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰিছিল।

গোচৰটো তেনেদৰেই ইমান দিন পৰি আছিল যদিও শেহতীয়াকৈ ঋত্বিকে পুনৰ গোচৰটো তৰান্বিত কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে।

কংগনাৰ সৈতে থকা পূৰ্বৰ সকলো ৰোমান্টিক মুহূৰ্তৰ কথা পাহৰি ঋত্বিকে পুনৰ কংগনাৰ বিৰুদ্ধে আক্ৰোশী ৰূপ ধাৰণ কৰিছে।

ঋত্বিকৰ অভিযোগৰ প্ৰত্যুত্তৰত কংগনাই কৈছে যে তেওঁৰ সৈতে কংগনাৰ সম্পৰ্ক আছিল। সেই সম্পৰ্কৰ কথা গাপ দিয়াৰ বাবেই ঋত্বিকে তেওঁৰ বিৰুদ্ধে গোচৰ দিছে।

টুইটাৰত কংগনাই এইবুলি লিখিছে যে ঋত্বিকে পুনৰ পুৰণি কাহিনীবোৰ আৰম্ভ কৰিছে।

তেওঁৰ সৈতে ব্ৰেকআপ হোৱাৰ পিছতো অথবা ঘৈণীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতো ঋত্বিক সলনি নহ’ল বুলি উল্লেখ কৰি কংগনাই প্ৰশ্ন কৰিছে—‘সৰু এটা সম্পৰ্কৰ বাবে আৰু কিমান দিন কান্দিবা’?