NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ কথা নিশ্চিত কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 4:18 pm
a boris

অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ভাৰতৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচিীত ভাগ লোৱাৰ কথা নিশ্চিত কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

আজি ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবে এই কথা প্ৰকাশ কৰে। উল্লেখ্য ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন জনোৱা জনছনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবনে নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছিল।

ইপিনে মহামাৰীৰ মাজতেই ৰাজধানী চহৰ দিল্লীত তীব্ৰ ৰূপত চলি আছে অহা ২৬ জানুৱাৰিত হ’বলগীয়া গণৰাজ্য দিৱসৰ প্ৰস্তুতি।

এইবাৰৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথিৰূপে উপস্থিত থাকিবলৈ ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনক পূৰ্বেই অনুৰোধ জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধান মন্ত্ৰী মোদীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে বিট্ৰেইনে। ইপিনে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আজি  ফোনযোগে  ব্ৰিটেইনৰ বিদেশ সচিব ডমিনিক ৰাবৰ সৈতে  বাৰ্তালাপত কৰে।

কিছ বৰিছ জনছনে অহা বছৰ হ’বলগীয়া জি-৭ শিখৰ সন্মিলনৰ বাবে প্ৰধান মন্ত্ৰী মোদীক বৃটেইনলৈ নিমন্ত্ৰণ জনায়।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ২৭ নৱেম্বৰত এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিছিল।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী হিচাপে জন মেজৰে ১৯৯৩ চনত গণৰাজ্য দিৱস উপলক্ষ্যে ভাৰতলৈ আহিছিল।