NORTHEAST NOW (Assamese)
অসম

আয়ুৰ্বেদিক, হোমিঅ’পেথিক চিকিৎসকে কৰিব নোৱাৰিব ক’ৰ’ণাৰ চিকিৎসা, উচ্চতম ন্যায়ালয়ৰ ৰায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 6:15 pm
SC rejects review petition by six opposition ruled states seeking postponement of NEET and JEE exams

দেশত আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসকসকলে ক’ৰ’ণাৰ চিকিৎসা কৰিব নোৱাৰিব।

আজি উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়ে। ন্যায়াধীশ অশোক ভূষণ,ন্যায়াধীশ সুভাষ ৰেড্ডী আৰু ন্যায়াধীশ এমআৰ শ্বাহকলৈ গঠিত খণ্ডপীঠে ডাঃ একেবি সদভাৱনা মিছন স্কুল অৱ হোমিঅ’ ফাৰ্মাচীয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানী গ্ৰহণ কৰি এনেদৰে ৰায় দিয়ে।

উল্লেখ্য যোৱা ২১ আগষ্টৰ দিনা কেৰালা উচ্চ ন্যায়ালয়ে আয়ুষৰ চিকিৎসক, বিশেষকৈ আয়ুৰ্বেদিক আৰু হোমিঅ’পেথিক চিকিৎসকসকলে ক’ৰ’ণাৰ চিকিৎসা কৰিব নোৱাৰিব বুলি ৰায় দিছিল।

সেই ৰায়ক প্ৰত্যাহ্বান জনায়ে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল ডাঃ একেবি সদভাৱনা মিছন স্কুল অৱ হোমিঅ’ ফাৰ্মাচীয়ে।

উল্লেখ্য কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আয়ুৰ্বেদিক চিকিৎসকসকলেও জটিল অস্ত্ৰোপচাৰ কৰিব পাৰিব বুলি জাৰি কৰা নিৰ্দেশনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আনকি ইণ্ডিয়ান মেডিকেল কাউন্সিলে দেশ জুৰি প্ৰতিবাদো সাৱস্ত্য কৰিছিল।

আনহাতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে আয়ুষ-৬৪ দৰৱ, যোগাসন, ব্যায়াম আদিয়ে মানুহক ক২ৰ২ণাৰ পৰা মুক্ত ৰাখিব পাৰে বুলি কৰা মন্তব্যয়ো চিকিৎসক মহলৰ মাজতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।