NORTHEAST NOW (Assamese)
অসম

ৰৈ থকা ডাম্পাৰত খুন্দিয়াই মৃত্যুক সাৱটিলে এজন যুৱকে, আন এজন গুৰুতৰভাৱে আহত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 17, 2020 8:36 am

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা। এই দুৰ্ঘটনা সমূহত বহু লোকে অকাল মৃত্যুক সাৱটি ল’বলগীয়াও হৈ আছে।

যোৱা নিশাও যোৰহাট জিলাৰ টীয়কৰ কাকজানত সংঘটিত হৈছে এটি শোকাৱহ পথ দুৰ্ঘটনা।

নিশা সংঘটিত এই দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হয়।

নিহত যুৱকজন পিড়াকটা ভৰলুৱা গাঁৱৰ সৌৰভ শইকীয়া বুলি জানিব পৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ডাম্পাৰত পাছফালৰ পৰা এ এছ-০৩-এন-৬৫৪৬ নম্বৰৰ এখন মটৰ চাইকেলে খুন্দা মাৰে।

প্ৰচণ্ড বেগত খুন্দিওৱাৰ ফলত বাইক চালকজন থিতাতে নিহত হয় আৰু বাইকৰ পিছফালে থকা লোকজন গুৰুতৰভাৱে আহত হয়।

আহত লোকজন কাকজান সোণাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰাৰ লগতে তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।

উল্লেখ্য যে, শীতৰ দিনত নিশা ডাঠ কুৱলীৰ বাবে ৰাস্তাৰ কাষত ৰখাই থোৱা ডাম্পাৰ তথা ট্ৰাক সমূহ অন্য সৰু বাহনে নেদেখাৰ ফলতেই এনেধৰণৰ বহু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।