NORTHEAST NOW (Assamese)
অসম

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাট কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2020 4:16 pm

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰিছে।

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে টুইটাৰযোগে তেওঁ কোভিড প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।

‘‘মই কোভিড প’জিটিভ হৈছো সেইবাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই হোম আইছ’লেশ্যনত আছো। মই বিগত সময়ছোৱাত মোৰ সংস্পৰ্শলৈ অহা প্ৰতিগাৰকী ব্যক্তিকে এবাৰ পৰীক্ষা কৰি লবলৈ অনুৰোধ জনাইছো,’’ উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰত এইদৰে লিখে।

উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী কোভিড প’জিটিভ হোৱাৰ পাছত ৰাজ্যখনৰ প্ৰায় সকলোবোৰ দলীয় তথা বিৰোধী নেতাই ৰাৱাটৰ আশু আৰোগ্য কামনা কৰিছে।

উল্লেখযোগ্য যে, ভাৰতৰ ভালেসংখ্যক ৰাজনৈতিক কোভিডৰ দ্বাৰা আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি ভালেসংখ্যক কেন্দ্ৰীয় মন্ত্ৰী কোভিড প’জিটিভ হোৱাৰ বিপৰীতে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী, কৰ্ণাটকৰ মুখ্য মন্ত্ৰী, মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ শৰীৰতো কোভিডৰ উপস্থিতি ধৰা পৰিছে।

আনহাতে, হাৰিয়ানৰ স্বাস্থ্য মন্ত্ৰীৰ শৰীৰত পৰীক্ষামূলকভাৱে কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতো কোভিডৰ উপস্থিতি ধৰা পৰিছিল।