NORTHEAST NOW (Assamese)
অৰুণাচল

কুঁৱলীৰ আচ্ছাদন, পাতলীয়া বৰষুণে অসমত বৃদ্ধি কৰিব শীতৰ আধিক্য,তথ্য দিলে বতৰ বিজ্ঞান কেন্দ্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2020 5:08 pm
a rain-1590487027

ডিচেম্বৰ যাওঁ যাওঁ তথাপি শীতে যেন ৰাজ্যত ভালদৰে খোপনি পুতিব পৰা নাই।

কিন্তু আজিৰে পৰা ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰে পৰা বেছ কিছুদিনলৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত কুঁৱলীৰ তাণ্ডৱ বৃদ্ধি পাব।

কেৱল সেয়াই নহয়,অসম তথা অৰুণাচলৰ ঠায়ে ঠায়ে দুই এজাক পাতলীয়া বৰষুণে নমাই আনিব শীতক।উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দিল্লী,হাৰিয়ানা, পাঞ্জাৱ, পশ্চিমবংগ আদি ৰাজ্য সমূহত শীতে তাণ্ডৱৰ সৃষ্টি কৰিব।

উক্ত ৰাজ্য কেইখনত বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে।

ইপিনে গুৱাহাটীস্থ বতৰ বিজ্ঞান কেন্দ্ৰয়ো অসমৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণৰ লগতে প্ৰচণ্ড কুঁৱলী পৰাৰ আগজাননী দিছে।

বিশেষকৈ ১৮ আৰু ১৯ ডিচেম্বৰত ৰাজ্যত কুঁৱলীৰ আধিক্য বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ তথ্যত প্ৰকাশ।

এই সময়ছোৱাত অসমকে ধৰি কাষৰীয়া ৰাজ্য কেইখনৰ বতৰ শুকান হৈ থাকিব।