NORTHEAST NOW (Assamese)
অসম

নৱ বৰ্ষৰ পৰা পুনৰ তীব্ৰ হ’ব কা বিৰোধী আন্দোলন : শিৱসাগৰত কৃষক মুক্তিসহ ৭০ সংগঠনৰ হুংকাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 19, 2020 7:42 pm
index.jpgx

শিৱসাগৰৰ হোটেল ব্ৰহ্মপুত্ৰত অনুষ্ঠিত হয় এই সংবাদ মেল।

৭০ জাতীয় সংগঠনৰ প্ৰতিনিধিৰ মাজত হোৱা সভাৰ অন্তত অনুষ্ঠিত হয় এই সংবাদ মেল।

সভাত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ ৭০ জাতীয় সংগঠনৰ।

নৱবৰ্ষৰ পৰা পুনৰ কা’ বিৰোধী আন্দোলন তীব্ৰতৰ হোৱাৰ হুংকাৰ কৃষক মুক্তিসহ ৭০ টা সংগঠনৰ।

শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজক কা’ বিৰুদ্ধে সজাগ কৰিবলৈ ৰাইজ মেল পতাৰ লগতে গোহাৰি পত্ৰ প্ৰকাশ কৰিব বুলি আজিৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰে।

কা’ ৰ বিৰোধী আন্দোলনত আছুকে ধৰি সকলো দল সংগঠনক একত্ৰিত হৈ আন্দোলন কৰিবলৈ আহ্বান জনায় ৭০ জাতীয় সংগঠনে।

কা’ বলৱৎকাৰী শক্তি বিজেপি আৰএছএছক অসমৰ সমাজ-জীৱন আৰু ৰাজনীতিৰ পৰা উৎখাত কৰিবলৈ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

অখিল গগৈক বিনাচৰ্তে মুক্তি দিবলৈ আজিৰ সভাই চৰকাৰৰ ওচৰত দাবী জনায় ৭০ সংগঠনৰ নেতৃবৃন্দই।

আজিৰ সভাত কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ নেতা দেৱজিত দত্তকে ধৰি ৭০ জাতীয় সংগঠনৰ বহু নেতা কৰ্মী উপস্থিত থাকে।