NORTHEAST NOW (Assamese)
অসম

জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে কোভিড চিকিৎসালয়, ৮ ৰোগীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 8:22 am
a Fire-Hospital-Turkey

পুনৰ কোভিড ৰোগী ৰখা চিকিৎসালয়ত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

যোৱা নিশা তুৰস্কৰ দক্ষিণ-পূৱ অংশত অৱস্থিত গাজিয়ানটেপ অঞ্চলৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত এতিয়ালৈকে ৮ জন ৰোগীৰ মৃত্যু ঘটাৰ খবৰ পোৱা গৈছে।

নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এই শোকাবহ ঘটনাটো সংঘটিত হৈছে তুৰস্কৰ ছানকো বিশ্ববিদ্যালয় চিকিৎসালয়ৰ আইচিইউত।।

হাস্পাতালৰ ইনটেনছিভ কেয়াৰ ইউনিটত যোৱা নিশা সংঘটিত হয় অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ। ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

এগৰাকী চৰকাৰী বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে নিশা সংঘটিত এই জুই হাস্পতাল খনৰ আন ইউনিটলৈও বিয়পি পৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায়।

কেইবা ঘণ্টা ধৰি চলোৱা চেষ্টাৰ অন্তত জুই নিৰ্বাপিত হয় যদিও ইতিমধ্যে ৮ গৰাকী ৰোগীৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হয়।

ইপিনে যোৱা নিশাৰ অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে ক্ষোভত ফাটি পৰিছে ৰোগীৰ অভিভাৱক সকল।চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এনেদৰে বহু ৰোগীয়ে প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি বহুতে অভিযোগ কৰিছে।