NORTHEAST NOW (Assamese)
Popular Stories

অযোধ্যাৰ মছজিদ : ২০০০ লোকে পঢ়িব পাৰিব নামাজ, মছজিদতকৈ ডাঙৰ হ’ব চিকিৎসালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 4:39 pm
index.jpg

উত্তৰ প্ৰদেশ চেন্ট্ৰেল চুন্নী ব’ৰ্ডে প্ৰকাশ কৰিছে অযোধ্যাৰ মছজিদৰ ব্লুপ্ৰীণ্ট।

অযোধ্যাৰ ধন্নীপুৰ গাঁৱৰ পাঁচ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া বাবৰি মছজিদতকৈ বৃহৎ এই মছজিদটোত একেলগে ২০০০ লোকে নামাজ পঢ়িব পাৰিব বুলি প্ৰকাশ কৰিছে চু্ন্নী ৱাক্ফ ব’ৰ্ডে।

ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি মছজিদটোতকৈ বিশাল হ’ব মছজিদত সংলগ্ন চিকিৎসালয়খন।

মছজিদটোত চিকিৎসালয়ৰ লগতে থাকিব বিশাল কমিউনিটি হল আৰু চুফী মিউজিয়াম।

ইফালে ৩০০ বিচনাযুক্ত হাস্পতালখন মছজিদতকৈ তিনিগুণ বৃহৎ হ’ব বুলি প্ৰকাশ কৰি চুন্নী ৱাক্ফ ব’ৰ্ডে কয় যে ৩,৫০০ মিটাৰ স্কোৱেৰ মিটাৰ ভূমিত নিৰ্মাণ কৰা হ’ব চিকিৎসালয়ৰ কমপ্লেক্সটো।

সমগ্ৰ কমপ্লেক্সটোত কোনো বিদ্যুৎ সংযোগ নাথাকিব। সৌৰশক্তিৰ দ্বাৰা ইয়াৰ বিদ্যুৎ উৎপাদন আৰু সংৰক্ষণ কৰা হ’ব বুলি জনাইছে ব’ৰ্ডে।

অষ্ট্ৰেলিয়াৰ পৰা অনা সেউজীয়া ঘাঁহ সমগ্ৰ চৌহদটোত সংস্থাপন কৰা হ’ব।

জামিয়া ইছলামিয়াৰ অধ্যাপক এছ এম আখতাৰ আৰু জেএনইউ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা মিউইজয়াম কিউৰেটৰ পুষ্পেশ পন্টে এই সমগ্ৰ ব্লুপ্ৰীণ্ট প্ৰস্তুত কৰি উলিয়াইছে।