NORTHEAST NOW (Assamese)
অসম

৭, ৮ আৰু ৯ জানুৱাৰীত মৰাণত অনুষ্ঠিত হ’ব ‘ৰাইজৰ দল’ৰ প্রথমখন ৰাজ্যিক অভিৱৰ্তন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 6:38 pm
index.jpg

আজি ‘ৰাইজৰ দল’ৰ পতাকা উন্মোচন আৰু দলটোৰ মুখ কাৰ্যালয় উদ্বোধন কৰা হয়। জু-নাৰেংগী পথৰ মঠঘৰীয়াৰ মডাৰ্ণ হাইস্কুলৰ কাষত ঘৰ নং-১ ত ‘ৰাইজৰ দল’ৰ মুখ্য কাৰ্যালয় আজি উদ্বোধন কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পল্মভূষণ জাহ্নু বৰুৱাই। দলৰ পতাকা উন্মাচন কৰে জাহ্নু বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ ডঃ ঘনশ্যাম নাথে।

পতাকা উন্মোচন আৰু কাৰ্যালয় উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকে দলৰ মুখ্য আহায়ক ভাঙ্কো ডি শইকীয়া, গিৰিশংকৰ গোস্বামী, ৰুবুল দাস আৰু ৰাজ্যিক আহ্বায়ক অনিল বড়োৱে।

‘ৰাইজৰ দল’ৰ পতাকাৰ ৰঙৰ তাৎপৰ্য ব্যাখ্যা কৰি জাহ্নু বৰুৱাই কয় – পতাকাখনৰ ৰং হালধীয়া। হালধীয়া বেলিৰ ৰং, সূৰ্যৰ ৰং। সভ্যতা বৰ্তি আছে বেলিৰ ওপৰত। শক্তিৰ উৎস বেলি। সেয়েহে বেলিৰ ৰং হালধীয়াৰে সৃষ্টি, উত্তাপ, সম্ভাবনা, আশা, আৰম্ভণি, শক্তি আৰু ফচলক বুজাব খুজিছে।

তাৰোপৰি ই বিশুদ্ধতা, ধনাত্মকতা, উদ্দীপনা, জ্ঞানৰ জ্যোতি, সাহস, প্ৰজ্ঞা, বৌদ্ধিক, শুদ্ধ চিন্তা, সৌভাগ্য আৰু প্রচুৰ্যকো বুজায়। পকাৰ ৰঙো হালমীয়া। পৰিপক্কতাৰ ৰং। ‘ৰাইজৰ দল’ৰ পতাকাই অসমীয়া জাতীয়তাবাদৰ পৰিপক্ক অৱস্থা এটা প্রকাশ কৰিছে।

হালধীয়া পতাকাত নীলা ৰঙেৰে দলৰ নাম অৰ্থাৎ “ৰাইজৰ দল” লিখা থাকিব। নীলা ৰঙে আকাশৰ বিশালতা আৰু সাগৰৰ ব্যাপ্তি প্রতিনিধিত্ব কৰিব। গতিকে ই মনৰ বিশালতাৰো প্রতীক। পতাকাখনৰ ঠিক মাজ ভাগত দলীয় প্রতীক চিহ্ন অংকিত হ’ব।

অনাহাতে অহা ৭, ৮ আৰু ৯ জানুৱাৰীত মৰাণত অনুষ্ঠিত হ’ব ‘ৰাইজৰ দল’ৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন।

অভিৱৰ্তনৰ তাৰিখ ঘোষণা কৰি মুখ্য আহায়ক ভাস্কো ভি শইকীয়াই কয় – দলৰ প্রথমখন অধিৱেশন এক জাতীয় অভিৱৰ্তন হিচাপে অনুষ্ঠিত কৰা হ’ব। কাৰণ জাতি এতিয়া গভীৰ সংকটত। এই জাতীয় অভিৱৰ্তনতে অসমৰ সকলো ধৰ্ম-বৰ্ণ-ভাষাৰ লোকে অসমীয়া জাতি ৰক্ষাৰ পণ ল’ব।

সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মুখ্য আহ্বায়কগৰাকীয়ে কয় যে সকলো আঞ্চলিক শক্তিৰ লগত ‘ৰাইজৰ দল’ এখন মঞ্চত থিয় হোৱাৰ বাবে গ্ৰহণ কৰিব লগা সকলো পদক্ষেপ, উদাৰতা দেখুৱাবলৈ ‘ৰাইজৰ দল’ সাজু আছে। আঞ্চলিক শক্তি ঐক্যৱদ্ধ হোৱাটো সময়ৰ আহ্বান। অসমপ্ৰেমী জনগণেও সকলোকে এই আহ্বান জনাই আহিছে।

ভাস্কো ডি শইকীয়াই লগতে এইটোও কয় যে আঞ্চলিক শক্তি একত্ৰিত হ’লে ঐক্যৱদ্ধ আঞ্চলিক শক্তিৰ হাতত ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িকতাবাদ ধুলিসাৎ হোৱাটো নিশ্চিত।