NORTHEAST NOW (Assamese)
অসম

এমাহ নৌহওঁতেই টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পথত এৰাল ব্লেক টেপিং

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক December 20, 2020 7:12 pm
Screenshot_2020-12-20-16-56-31_1

যোৰহাট কেন্দুগুৰী বাইপাচৰ পৰা জাঁজী দলং পৰ্যন্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বৰ্তমান কৰ্মৰত লিংকন নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে অতি নিম্ন মানৰ কাম কৰাৰ অভিযোগ পোৱা গৈছে l

পথটোৰ নিৰ্মাণৰ এমাহ নৌ সম্পূৰ্ণ হওঁতেই কেইবাঠাইত পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। এৰাই গৈছে ব্লেক টেপিং l

বোকা, মেটেকাৰ ওপৰতে মাটি পেলাই ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰখাত পথটোৰ স্থায়ীত্বকলৈ সন্দেহ প্ৰকাশ কৰিছে সকলোৱে।

অভিযোগ পোৱা মতে ইটা, শিল ,জাবৰযুক্ত মাটিৰে দ অংশসমূহ পুতি পথ নিৰ্মাণ কৰাৰ বাবে পথটোৰ নিৰ্মাণৰ পাছতে পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে।

উল্লেখযোগ্য যে কেৱল মাত্ৰ শিলগুটি বালিৰ তৰপ দিয়েই ওপৰত ব্লেক টেপিং কৰি কাম অব্যাহত ৰাখিছে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে।

এই ক্ষেত্ৰত বিভিন্নজনে প্ৰতিবাদ কৰিছে যদিও প্ৰতিষ্ঠানটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰা নাই ৰাইজৰ অভিযোগক।