NORTHEAST NOW (Assamese)
অসম

তিৱা স্বাযত্ত পৰিষদৰ নিৰ্বাচন : বিজেপিৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সহাঁৰি, নগাঁৱত বিজয় উৎসৱ পালন

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা December 20, 2020 9:05 pm
index.jpgaaa

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নগাঁও জিলাৰ ১০টা পৰিষদীয় সমষ্টিত শাসকীয় বিজেপি দলে ১০০ শতাংশ বিজয়েৰে অভূতপূৰ্ব সাফল্য লাভ কৰাৰ পিছত নগাঁৱত বিজেপি নেতা কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।

বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হোৱাৰ বাবে বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ত এক উৎসৱ মূখৰ পৰিবেশ সৃষ্টি হয়। বিজেপি নেতা কৰ্মীসকলে কাৰ্যালয় সন্মূখৰ ৰাজপথত ফটকা, আতচবাজী ফুটাই বিজয় উৎসৱ পালন কৰে।

বিজেপিৰ নগাঁও জিলাৰ ১০ গৰাকী বিজয়ী প্ৰাৰ্থীক লগত লৈ জিলা কাৰ্যালয়ত অনুষ্ঠিত বিজয় উৎসৱত অংশ গ্ৰহণ কৰি জিলাৰ সভাপতি অভিজিৎ নাথে কয়, এই জয়ে সমাগত বিধান সভা নিৰ্বাচিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে বিগত চাৰে চাৰিটা বছৰত ৰাজ্যখনৰ সকলো ক্ষেত্ৰতে উন্নয়নৰ গতি ত্বৰান্বিত কৰি তুলিছে আৰু সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়ন আৰু সম বিকাশৰ বাবে কাম কৰিছে। যাৰ বাবে এতিয়া ৰাজ্যখনৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোকেই বিজেপিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে বুলি  নগাঁও জিলা বিজেপিয়ে দাবী কৰে।

দলটোৰ জনসাধাৰণৰ প্ৰতি থকা দ্বায়িত্ব আৰু উন্নয়নৰ প্ৰকৃত ছবি দেখি বিজেপি দললৈ বহু লোক ঢাপলি মেলিছে বুলি দাবী জিলা নেতৃত্বৰ।

২০২১ ৰ নিৰ্বাচনত বিজেপি দলে অভিলেখ সংখ্যাক প্ৰাৰ্থী জিকাই আনি  চৰকাৰ গঠন কৰিব। বিজয় উৎসৱত অংশ গ্ৰহণ কৰি বিজয়ী প্ৰাৰ্থী সকলে মন্তব্য কৰে যে এই জয় দলৰ নেতা কৰ্মীৰ ত্যাগ আৰু কষ্টৰ বাবেই সম্ভৱ হৈছে বুলি প্ৰকাশ কৰি আমি সকলোৱে আমাৰ প্ৰতি ৰাইজে প্ৰদৰ্শন কৰা আস্থাৰ কথা মনত ৰাখি প্ৰগতিৰ হকে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে জিলা  বিজেপি সভাপতিগৰাকীয়ে।

বিজয় উৎসৱত জিলা বিজেপিৰ মহিলা মৰ্চা, যুৱ মৰ্চা আদিৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।