NORTHEAST NOW (Assamese)
অসম

পাঁচ দিনত দুবাৰকৈ বিয়া পাতি পলাল ইঞ্জিনিয়াৰ দৰা; এনেকৈ ফাদিল হ’ল ৰহস্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 1:44 pm
WhatsApp Image 2020-12-21 at 12.40.33 PM

এগৰাকী ছফটৱেৰ ইঞ্জিনিয়াৰে পাঁচ দিনৰ ভিতৰতে দুটাকৈ বিয়া পাতিলে আৰু ৰহস্য ফাদিল হোৱাৰ পাছতে পলায়ন কৰে। এই ঘটনা মধ্য প্ৰদেশৰ।

অভিযুক্ত ২৬ বছৰীয়া ইঞ্জিনিয়াৰগৰাকী ইন্দোৰৰ মুছাখেড়ীৰ বাসিন্দা। অভিযোগ অনুসৰি, তেওঁ যোৱা ২ডিচেম্বৰত খণ্ডৱাত এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ইয়াৰ পাছতে ৭ ডিচেম্বৰত ইন্দোৰৰ মহুতো আন এগৰাকী যুৱতীক বিয়া পাতে।

খণ্ডৱাত থকা যুৱতীগৰাকীৰ পৰিয়ালে ব্যক্তিগৰাকীৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ দিয়ে। পৰিয়ালে দিয়া অভিযোগ অনুসৰি ২ডিচেম্বৰত বিয়া পতাৰ পাছত অভিযুক্তই ৭ ডিচেম্বৰত মহুত বিয়া কৰাবলৈ উপস্থিত হয়।

ইয়াৰ মাজতে তাত উপস্থিত থকা এগৰাকী সম্পৰ্কীয় লোকে বিয়াৰ ফটো পঠিয়াই যাৰ পাছত পৰিয়ালে ব্যক্তিগৰাকীৰ বিৰুদ্ধে দ্বিতীয় বিবাহ কৰোৱাৰ অবিযোগ দাখিল কৰে।

খণ্ডৱাৰ যুৱতীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়ে যে তেওঁলোকে বিয়াত ১০ লাখ টকা খৰচ কৰিছে। যৌতুকত দৰাক বহুত সামগ্ৰী দিছে।

অবিযোগত ইয়াকো কোৱা হৈছে যে বিয়াৰ পাছত ব্যক্তিগৰাকীয়ে কইনাক লৈ ইন্দোৰলৈয়ো গৈছিল। তাত লৈ যোৱাৰ পাছত তেওঁ যুৱতীগৰাকীক কয় যে তেওঁৰ কিবা জৰুৰী কামত ভূপাললৈ যাব লাগে। ভূপাল যোৱাৰ কথা কৈ তেওঁ মহুত দ্বিতীয় বিবাহ কৰাবলৈ যায়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ব্যক্তিগৰাকীয়ে বিয়ালৈ তেওঁৰ পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ সৈতে গৈছিল। খণ্ডৱাৰ যুৱতীগৰাকীৰ আত্মীয়ই জানিবলৈ দিয়ে যে বিয়াখন বুজাবুজিৰ মাজতে হৈছিল আৰু জোৰ জুলুমত হোৱা নাছিল।

এতিয়া ৭ ডিচেম্বৰৰ পৰাই দৰা পলাই আছে। আৰক্ষীয়ে দৰাৰ সন্ধান অব্যাহত ৰাখিছে। ইপিনে দুগৰাকী যুৱতীয়ে কইনা হৈ পলৰীয়া দৰাৰ চৈধ্য গোষ্ঠী উদ্ধাৰ কৰি বহি আছে।