NORTHEAST NOW (Assamese)
অসম

পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে এজন নিহত আন এজনৰ অৱস্থা সংকটজনক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 21, 2020 7:28 pm
দুৰ্ঘটনা

বাইকৰ মুখামুখি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাৰ পেঙেৰীত।

ঘটনাৰ বিৱৰণীৰ মতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানা অন্তৰ্গত ৫ নং লাইন ওচৰত দেওবাৰে নিশা দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

মটৰ চাইকেল দুৰ্ঘটনাটোত এজন যুৱক নিহত হোৱাৰ বিপৰীতে আন এজন যুৱক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

নিহত যুৱকজনৰ নাম প্ৰভুচাহাই তপ্ন বুলি জানিব পৰা গৈছে।

গুৰুত্ব ভাৱে আহত যুৱকজন হৈছে বিকাশ গড়।

তেওঁক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰিছে বুলি জানিব পৰা গৈছে।