NORTHEAST NOW (Assamese)
অসম

বোকাখাতত কুকুৰা গঁড়ালত ধৰা নাহৰফুটুকী কাজিৰঙাত মুকলি

Posted by: উত্তম শইকীয়া March 15, 2018 6:12 pm

বোকাখাত নগৰত যোৱা ১৪ মাৰ্চত কৰায়ত্ত কৰা মতা নাহৰফুটুকীটোক আজি বৃ্হস্পতিবাৰে পুৱা কাজিৰঙাৰ কাষৰীয়া পানবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়া হয়।

চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰা বাঘটো বিগত ২৪ ঘন্টা ধৰি পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত পশু চিকিৎসক দলৰ নিৰীক্ষণত আছিল।

খাদ্যৰ সন্ধানত ওচৰৰ চাহবাগিচাৰ পৰা ওলাই আহি এঘৰ মানুহৰ কুকুৰাৰ গঁড়ালত সোমোৱা বাঘটোক বন বিভাগ আৰু বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলে প্ৰায় ৩ ঘন্টা ধৰি চলোৱা অভিযানৰ শেষত চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল৷