NORTHEAST NOW (Assamese)
অসম

নতুন বৰ্ষৰ পহিলা জানুৱাৰিৰ পৰা দেশত বাধ্যতামূলক হ’ব FASTags

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2020 1:00 pm

নতুন বৰ্ষৰ পহিলা জানুৱাৰিৰ পৰা দেশত বাধ্যতামূলক হ’ব FASTags।

বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নতুন বৰ্ষৰ ১ জানুৱাৰিৰ পৰা দেশত FASTags বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰে।

FASTagsৰ ব্যাৱহাৰৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেট সমূহত ধন আদায় দিবৰ বাবে গাড়ী চালক সকল ৰ’ব নালাগে ফলত সয়ম বহু পৰিমানে বাচি যাব বুলিও গাডকাৰীয়ে মন্তব্য কৰে।

ইয়াৰ পূৰ্বে দেশত FASTags বাধ্যতামূলক কৰাৰ কথা আছিল যদিও ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ইয়াক পিছুৱাই দিয়া হৈছিল।

এই পাইলট প্রকল্পটো ২০১৪ চনত আৰম্ভ হৈছিল য’ত Radio Frequency Identification Technology (RFID) প্রযুক্তিৰ সহায়ত বৈদ্যুতিকভাৱে টোল সংগ্রহ কৰা হ’ব। নাথাকিব টোল গেটত শাৰী পাতি থকা সমস্যা।

FASTag কি?

FASTag হৈছে ভাৰতৰ বৈদ্যুতিক টোলিঙৰ প্রয়োজনীয়তা পূৰণৰ বাবে ৰাষ্ট্ৰীয় বৈদ্যুতিক টোল সংগ্রহ প্রোগ্রামৰ আওতাত, নেশ্যনেল পেমেন্ট কর্পোৰেশ্যন অব ইণ্ডিয়া (NPCI) ৰ দ্বাৰা তৈয়াৰ কৰা প্রিপেইড ৰিচার্জেবল টেগ।

টোল সংগ্রহৰ বাবে FASTag টিক গাড়ীৰ উইণ্ড’স্ক্ৰিণত সংযুক্ত কৰিব লাগিব। RFID-চালিত প্রযুক্তি যিখন টোল প্লাজাত উপলব্ধ, সেইপিনে স্বয়ংকৃতভাৱে টোল সংগ্ৰহ কৰা হ’ব।