NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ সভাত জবাবদিহি কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু পথ নিৰ্মাণৰত কোম্পানীৰ বিষয়াক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 25, 2020 5:59 pm

উজনিৰ যোৰহাট বাইপাচৰ পৰা জাঁজীলৈকে নিৰ্মাণৰত চাৰিলেন যুক্ত পথৰ কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল।

বিশেষকৈ টীয়ক নগৰৰ মাজৰে নিৰ্মিত পানীৰ ড্ৰেইন কোনো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলত দীৰ্ঘদিন ধৰি ৰাইজে প্ৰতিবাদ কৰি আহিছিল।

তদুপৰি লাহদৈগড়কে আদি কৰি কেইবা স্থানতো নিৰ্মান সম্পূৰ্ণ কৰা পথচোৱা এক মাহৰ ভিতৰতে ভাগি যোৱা, পানী ওলাই যোৱা নলাত বৃহৎ ফাট, গেলা বোকাৰ ওপৰতেই মাটি পেলোৱা আদি বিভিন্ন অভিযোগ তুলি কালি টীয়কৰ মা বিবাহ ভৱনত টীয়কৰ ৰাইজ, ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণ, পথ নিৰ্মাণৰত কোম্পানী লিংকন এণ্ড দিগনিটিৰ বিষয়ৱৱীয়াৰ লগত যৌথ সভা অনুষ্ঠিত হয়।

উক্ত সভাতে ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি অপ্ৰস্তুত হয় বিষয়া-কৰ্মচাৰী সকলে।

উল্লেখযোগ্য যে চাৰিলেন পথ নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ প্ৰথমে মাটিৰ গুণাগুণ পৰীক্ষা কৰিব লাগে যদিও টীয়কত যি মাটি ব্যৱহাৰ কৰিছে সেইয়া অতি নিম্ন মানদণ্ডৰ।

অভিযোগ অনুসৰি জাঁজী নদীৰ পলস পেলাইছে যিবোৰ অতি লেতেৰা আৰু জাবৰ যোথৰেৰে ভৰা।

সভাত বিষয়া-কৰ্মচাৰী সকলে যি যি অংশত কাম বেয়া হৈছে বুলি ৰাইজে অভিযোগ তুলিছে সেই স্থানসমূহ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে টীয়ক নগৰ এলেকাত পানী নিষ্কাষণৰ যি নলা নিৰ্মাণ কৰা হ’ল সেই নলাও পুনৰ নিৰীক্ষণ কৰি ত্ৰুটি সমূহ নিৰ্মূল কৰিব বুলি ৰাজহুৱাকৈ আশ্বাস দিয়ে।