NORTHEAST NOW (Assamese)
অসম

জোনবিল মেলা সন্দৰ্ভত মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ সভা

Posted by: চানু গগৈ Updated by: চানু গগৈ December 25, 2020 7:33 pm
a jon download

 মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে দিনৰ ১ বজাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ সঞ্চালনাত আগন্তুক জোনবিল মেলা উদযাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয় ।

২০২১ চনৰ জানুৱাৰী মাহৰ ২১, ২২ আৰু ২৩, তাৰিখে অনুষ্ঠিত কৰিব হ’বলগীয়া অনুষ্ঠানত কভিড প্ৰট’কল মানি আয়োজক সকলে ৫০% শতাংশ ৰাইজৰ উপস্থিতিৰে সমাপন কৰিব লাগিব বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে ।

তিনি দিনীয়া কাৰ্যসূচীৰ  ২১ জানুৱাৰীত ৰজাৰ ভোজ, ২২ জানুৱাৰীত ঐতিহাসিক ‘বিনিময় প্ৰথা’ আৰু ২৩ জানুৱাৰীত ৰাজদৰবাৰ অনুষ্ঠিত কৰোঁতে কভিড-১৯ ৰ নিয়মাৱলী মানি চলাটো বাধ্যতামূলক ।

এইবেলি কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু সাংস্কৃতিক  কাৰ্যসূচী ৰখা নহয় বুলিও আয়োজক সকলে সভাত জানিবলৈ দিয়ে  সভাত অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু,  অতিৰিক্ত আৰক্ষী অধীক্ষক  শুভাশীষ বৰুৱা, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিপ্তী মৰাণ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ লগতে জোনবিল মেলা পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থাকে বুলি সংবাদ মাধ্যমলৈ প্ৰেৰিত এক প্ৰেছ বিবৃতিত জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।