NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ সংযোগ কৰি বন্যহস্তী হত্যাৰ অভিযোগত দিচাংমুখত ছয়জন লোকক গ্ৰেপ্তাৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ December 27, 2020 3:25 pm
Poachers arrested killing of wild elephant

শনিবাৰে শিৱসাগৰৰ দিচাংমুখৰ লেপাই গাঁৱত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি দুটাকৈ বন্যহস্তী হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হল ছয়জনকৈ লোক।

দেওবাৰে পুৱা শিৱসাগৰ বন বিভাগ আৰু আৰক্ষীৰ দলে লেপাই গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এই ছয়জন লোকক।

অঞ্চলটোত সৌৰশক্তিৰ সহায়ত বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল বুলি স্বীকাৰ কৰে অভিযুক্ত এজনে। বনৰীয়া হাতীৰ উপদ্ৰপৰ পৰা ৰবি শস্যৰ খেতি ৰক্ষা কৰিবলৈ এইদৰে সৌৰশক্তিৰ সহায়ত বিদ্যুতৰ তাঁৰ লগাইছিল বুলি স্বীকাৰ কৰিছে অভিযুক্ত কেইজনে।

হাতী দুটা বিদ্যুৎ পিষ্ট হৈ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হয়।

গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজন হল অংকুৰ গগৈ, মনোজ গগৈ, বুলবুল গগৈ, পংকজ গগৈ, অমৰ গগৈ আৰু ৰুণজুন চেতিয়া।

আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে ৱাইল্ড লাইফ প্ৰটেকশ্যন আইনৰ অধীনত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়াই।

আনহাতে, যোৱা কিছু বছৰ ধৰি সমগ্ৰ দিচাংমুখ অঞ্চলত বনৰীয়া হাতীৰ বৃহৎ জাকে খেতি পথাৰ নষ্ট কৰাৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে।

বিগত বৰ্ষত হাতী মানুহৰ সংঘাতত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু দীৰ্ঘ দিনীয়া এই সমস্যা সমাধানত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে শিৱসাগৰ বন বিভাগৰ বিৰুদ্ধে।

শুকুৰবাৰে নিশাও বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটো উপদ্ৰপ সৃষ্টি কৰাৰ সময়ত স্থানীয় লোকে বন বিভাগৰ লোকক ফোন কৰি অৱগত কৰিছিল যদিও বন বিভাগৰ কৰ্মচাৰীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে স্থানীয় ৰাইজে।