NORTHEAST NOW (Assamese)
অসম

ভূটানত কোভিড সংক্ৰমিতৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি, অব্যাহত থাকিব ৰাষ্ট্ৰজোৰা ল’কডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 8:32 am

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ব্যক্তিৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি পাইছে।

ভূটানৰ প্ৰধান মন্ত্ৰী ল’তেই চেৰিঙে এই সম্পৰ্কত উদ্বেগ ব্যক্ত কৰি ভূটানত ঘোষণা কৰা ৰাষ্ট্ৰজোৰা ল’কডাউন অব্যাহত থাকিব বুলি উল্লেখ কৰে।

‘‘বিগত সপ্তাহত আমি ৰাজধানী থিম্ফুত ল’কডাউন ঘোষণা কৰিছিলো আৰু পৰৱৰ্তী সময়ত সমগ্ৰ ৰাষ্ট্ৰতে ইয়াক প্ৰযোজ্য কৰা হৈছিল। তেতিয়াৰে পৰা বৰ্তমানলৈ কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাহিৰত মুঠ ১৪৬ গৰাকী কোভিড আক্ৰান্ত চিনাক্ত হৈছে,’’ ভূটানৰ প্ৰধান মন্ত্ৰী চেৰিঙে ফেইচবুকত এইদৰে উল্লেখ কৰে।

ভূটানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে ক’ৰ’নাৰ গণ সংক্ৰমণৰ ভয়াবহতাৰ বিষয়ে উল্লেখ কৰি জনসাধাৰণক কোভিড প্ৰট’কল কঠোৰভাৱে মানি চলাৰ বাবে আহ্বান জনায়।

আনহাতে, ভূটানত কোভিডৰ ভয়াবহতা সম্পৰ্কে উল্লেখ কৰি চেৰিঙে কয়, ‘আমি ক’ৰ’না বিস্তৃত পৰিসৰত সংক্ৰমিত হোৱাৰ পূৰ্বে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ মানদণ্ড উন্নত কৰিব লাগিব।’’

প্ৰধান মন্ত্ৰী গৰাকীয়ে ভূটানৰ থিম্ফু আৰু পাৰোৰ পৰা সংক্ৰমণ আৰম্ভ হোৱা বুলিও লগতে কয়।

‘‘ভূটান চৰকাৰৰ সৰ্বপ্ৰথম দায়িত্ব হ’ল ক’ৰ’নাৰ সংক্ৰমণৰ পৰা দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰা,’’ প্ৰধান মন্ত্ৰী গৰাকীয়ে পুনৰ কয়।