NORTHEAST NOW (Assamese)
অসম

ৰাজনৈতিক প্ৰতিশোধ! বেংকৰ দুৰ্নীতিৰ গোচৰত ইডিয়ে তলব কৰিলে সঞ্জয় ৰাউতৰ পত্নীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 10:17 am
Sanjoy And Barsha Raut

পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ (পি এম চি) বেংকৰ দুৰ্নীতিৰ গোচৰত ইডিয়ে তলব কৰিছে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ পত্নীক।

তদন্তকাৰী সংস্থাটোৱে দেওবাৰে মহাৰাষ্ট্ৰৰ শাসকীয় দলটোৰ ৰাজ্যসভাৰ সাংসদগৰাকীৰ পত্নী বৰ্ষা ৰাউতলৈ জাননী প্ৰেৰণ কৰে।

বৰ্ষা ৰাউতক পিএমচি বেংক কেলেংকাৰি গোচৰৰ ভাৰপ্ৰাপ্ত তদন্তকাৰী বিষয়াক ২৯ ডিচেম্বৰত দেখা কৰিবলৈ কোৱা হৈছে।

ইডিৰ এই জাননীৰ কথা প্ৰকাশ পোৱাৰ পাছতে বিৰোধীসকলে বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ তুলিছে।

এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেটৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে পঞ্জাৱ এণ্ড মহাৰাষ্ট্ৰ কো-অপাৰেটিভ বেংকৰ পৰা কিছু টকা বৰ্ষা ৰাউতৰ একাউন্টত জমা হোৱাৰ বিষয়টো সন্দেহজনক বুলি উঠা অভিযোগৰ ভিত্তিত তদন্ত কৰা হৈছে।

যোৱা ১১ ডিচেম্বৰত এই সম্পৰ্কত শিবসেনাৰ সাংসদৰ পত্নীক মাতি পঠোৱা হৈছিল যদিও তেওঁ নগ’ল। শাৰীৰিক অসুস্থতাৰ দোহাই দি দুবাৰকৈ দেখা কৰাৰ পৰা বিৰত আছিল বৰ্ষা ৰাউত।

এইবাৰ তেওঁ তদন্তত সহযোগিতা কৰিব বুলি আশা কৰা হৈছে আৰু তেওঁৰ বক্তব্য বিত্তীয় দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত ৰেকৰ্ড কৰা হ’ব।

ইপিনে, বিষয়টোক লৈ চৰ্চা চলিছে যে মহাৰাষ্ট্ৰত শিবসেনা আৰু বিজেপিৰ মিত্ৰজোঁট ভংগৰ পাছৰে পৰা মোদী নেতৃত্বৰ বিৰুদ্ধে আটাইতকৈ সৰৱ হৈ পৰা দেখা গৈছে সঞ্জয় ৰাউতক।

অভিযোগ উঠিছে যে বিৰোধী দলৰ নেতৃত্বাধীন ৰাজ্যসমূহত চিবিআই, ইডি আৰু আয়কৰ বিভাগক কামত লগাই কেন্দ্ৰই বিশৃংখলা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে। এই ঘটনাও তাৰেই এক প্ৰতিফলন।