NORTHEAST NOW (Assamese)
অসম

ছহিদ মৃত্যুঞ্জয় চুতীয়াৰ পৰিয়ালক ২০ লাখ টকাৰ চেক প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 10:05 am

ছহিদ মৃত্যুঞ্জয় চুতীয়ালৈ অসম চৰকাৰে ঘোষণা কৰা ২০ লাখ টকাৰ এককালীন সাহায্য সোমবাৰে চুতীয়াৰ পৰিয়ালৰ লোকক প্ৰদান কৰা হয়।

যোৱা ২৪ ডিচেম্বৰত কাশ্মীৰৰ গণ্ডীৰৱাল জিলাত সন্ত্রাসবাদীৰ গ্রেনেড আক্রমণত মৃত্যু হোৱা মৃত্যুঞ্জয়ৰ ধেমাজিৰ গেলুৱাস্থিত বাসগৃহত সোমবাৰে সন্ধিয়া মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত হয়।

মুখ্য মন্ত্রী সোণোৱালে প্ৰথমতে ছহিদ মৃত্যুঞ্জয়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তিপ্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পাছত ছহিদ মৃত্যুঞ্জয়ৰ পিতৃ-মাতৃৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে আৰু ছহিদৰ পৰিয়ালবর্গক ২০ লাখ টকাৰ এখন চেক আৰু শোক প্রস্তাৱ প্রদান কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

ছহিদ মৃত্যুঞ্জয়ে এখন শিশু উদ্যান খোলাৰ হেপাহ মন পুহি ৰখাৰ কথা জানিব পাৰি মুখ্য মন্ত্ৰী সোণোৱালে ধেমাজি জিলাত ছহিদগৰাকীৰ নামত এখন শিশু উদ্যান খুলিবৰ বাবে জিলাৰ উপায়ুক্তক নির্দেশ দিয়ে।

মুখ্য মন্ত্রীৰ লগত মন্ত্রী যোগেন মহন, সঞ্জয় কিষাণ, তেৰচ গোৱালা আৰু ৰামেশ্বৰ তেলী উপস্থিত থাকি বীৰ ছহিদগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰ।৷