NORTHEAST NOW (Assamese)
অসম

দহ বছৰ ধৰি বন্ধ কোঠাত উলংগ অৱস্থাত আৱদ্ধ তিনি উচ্চ শিক্ষিত ভাই-ভনী, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 4:42 pm
a 725957-gujarat

এদিন বা এবছৰ নহয়, সুদীৰ্ঘ ১০ বছৰ ধৰি এটা বন্ধ আন্ধাৰ কোঠাৰ ভিতৰতে আৱদ্ধ হৈ আছে তিনি ভাই-ভনী।

বিগত দহটা বছৰে তেওঁলোকে পিন্ধা নাই কোনো নতুন কাপোৰ।

কোঠাটোত সোমোৱাৰ সময়ত তেওঁলোকে যি কাপোৰ পিন্ধিছিল সেয়া এতিয়া আৰু কাপোৰ হৈ থকা নাই।

সেয়ে বছৰৰ পিছত বছৰ ধৰি তিনি ভাই-ভনীয়ে উলংগ হৈয়েই কোঠাৰ ভিতৰত বাস কৰি আছে।

খাদ্যৰ নামত কেতিয়াবা বাহিৰৰ পৰা কোঠাটোলৈ এখন বিশেষ খিৰিকীৰে  দিয়া খাদ্যই তেওঁলোকে গ্ৰহণ কৰিছে।

দহটা বছৰত কোনো দিনে চুলি নকটোৱাৰ ফলত তেওঁলোকৰ আটাইৰে চুলি গৈ আঁঠুত লাগিছে।

দুই ভাতৃৰ ডাড়ি ইমানেই বাঢ়ি গৈছে যে তেওঁলোকৰ মুখ মণ্ডল ডাড়িৰে ঢাক খাই পৰিছে।

আদিম জীৱন যাপন কৰা এই তিনি ভাই-ভনী গুজৰাটৰ ৰাজকোটেৰ কিষাণপাৰাৰ বাসিন্দা নবীন মেহতাৰ সন্তান।

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী নবীন মেহতাৰ পত্নীৰ বিয়োগ ঘটিছিল প্ৰায় ১০ বছৰ পূৰ্বে। মাতৃৰ বিয়োগৰ পিছৰে পৰা তিনি ভাই-ভনীয়ে বন্ধ কোঠাটোতে সময় অতিবাহিত কৰিছে।

নবীন মেহতাৰ ডাঙৰ পুত্ৰ পেছাত অধিবক্তা আছিল,সৰু পুত্ৰ অৰ্থনীতিৰ স্নাতক আৰু কন্যা চাইকোল’জিৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

ইমান শিক্ষিত হোৱাৰ পিছতো তেওঁলোকে কি ১০ বছৰ ধৰি আন্ধাৰ কোঠাটোতে আবদ্ধ হৈ আছে তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে।

বিগত দহ বছৰ ধৰি তিনি ভাই-ভনীৰ পিতৃ নবীন মেহতাই একো নজনাৰ ভাও জুৰি বজাৰ-সমাৰ কৰি গৈছিল।

কোনোৱাই তেওঁক সন্তানৰ কথা সুধিলে সেই প্রশ্ন তেওঁ কৌশলেৰে এৰাই গৈছিল।বহুতে ভাবিছিল নবীন মেহতাৰ তিনি সন্তানে হয়তো চাকৰি-বাকৰি কৰি বাহিৰত কৰ’ৱাত আছে।

কিন্তু এদিন হঠাতে এজন স্থানীয় বাসিন্দাৰ সন্দেহ হোৱাত তেওঁ বিষয়টো স্থানীয় সংগঠন এটাক অৱগত কৰে।

সংগঠনটোৱে সমগ্ৰ ঘটনাটোৰ খা-খবৰ কৰি তিনি ভাই-ভনী এটা কোঠাতে আৱদ্ধ হৈ থকাটো নিশ্চিত কৰে।ইয়াৰ পিছতে আৰক্ষীৰ সহযোগত তিনি ভাই-ভনীকে কোঠাটোৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

শৌচ-পেচাৱেৰে ভৰি থকা কোঠাটোত তিনি ভাই-ভনীয়ে সম্পূৰ্ণ উলংগ অৱস্থাত বাস কৰিছিল।এই ঘটনাৰ পিছতে আৰক্ষীয়ে নবীন মেহতাক গ্ৰেপ্তাৰ কৰিছে।

পিতৃ মেহতাৰ মতে তিনি সন্তানে মাতৃৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰিয়েই এনেদৰে কোঠাটোৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিছে।

স্থানীয় একাংশ লোকৰ মতে  অন্ধবিশ্বাসী পিতৃ নবীন মেহতাই তিনি সন্তানক যাতে কোনেও যাদু কৰি বশ কৰিব নোৱাৰে তাৰ বাবেই তেওঁলোকক কোঠাটোত আৱদ্ধ কৰি ৰাখিছিল।