NORTHEAST NOW (Assamese)
অসম

কৃষক বিদ্ৰোহৰ সময়ত পঞ্জাৱত ১৫৬১ টা মোবাইল টাৱাৰ ধ্বংস; ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্য মন্ত্ৰী সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 5:48 pm

কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাৱত চলি থকা কৃষক বিদ্ৰোহৰ ফলত পঞ্জাৱত ১৫৬১ টা মোবাইলৰ নেটৱৰ্ক যোগানকাৰী টাৱাৰ ধ্বংস হৈছে।

পঞ্জাৱ চৰকাৰৰ তৰফৰ পৰা মোবাইল টাৱাৰ ধ্বংস কৰাৰ এই তথ্য দাঙি ধৰা হৈছে।

পঞ্জাৱৰ মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে ইতিমধ্যে আৰক্ষীক মোবাইল টাৱাৰ ধ্বংসকাৰী সকলৰ বিৰুদ্ধে আৰু টেলিকম সেৱা বিঘ্নিতকাৰীৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

মুখ্য মন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে পঞ্জাৱক অৰাজকতাৰ মাজলৈ গতি কৰিব কেতিয়াও নিদিয়ে বুলি মত প্ৰকাশ কৰি কানো নাগৰিকক আইন হাতত তুলি নলবৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে, দিল্লী আৰু হাৰিয়ানৰ পৰা অহা হাজাৰ হাজাৰ কৃষকে দিল্লী সীমান্তত এমাহৰো অধিক কাল কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে।

কেন্দ্ৰ চৰকাৰৰ সৈতে প্ৰতিবাদী কৃষক সকলৰ কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে যদিও এতিয়ালৈ কোনোধৰণৰ স্থায়ী সমাধান ওলোৱা নায়।