NORTHEAST NOW (Assamese)
অসম

নতুন ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে বেইজিঙৰ বহু প্ৰান্তত ল’কডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 9:40 am

ব্ৰিটেইনত ধৰা পৰা নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণত সমগ্ৰ বিশ্ব পুনৰ আতংকিত হৈ থকাৰ সময়তে চীনে বেইজিঙৰ কিছু অংশত ল’কডাউন ঘোষণা কৰিছে।

ব্ৰিটেইনৰ নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই চীনে বেইজিঙৰ চুংয়ি জিলাৰ কিছু অংশত ল’কডাউনত ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পৰা চীনৰ বহু অঞ্চলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে।

চলিত বৰ্ষৰ জুন-জুলাইত বেইজিঙত ক’ৰ’না ভাইৰাছৰ সংক্ৰ্মণ আৰম্ভ হোৱাৰ পাছত এয়া দ্বিতীয়বাৰৰ বাবে বেইজিঙত ল’কডাউন ঘোষণা কৰা হৈছে।

বেইজিং পৌৰ নিগমৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি ছয়খন গাঁও, তিনিটা বিল্ডিং আৰু এটা ঔদ্যোগিক অঞ্চলকে ধৰি অন্যান্য তিনিটা অঞ্চলত ক’ৰ’নাৰ নতুন সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে।

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাত নতুন ক’ৰ’না ভাইৰাছ ধৰা পৰাৰ পাছতে সমগ্ৰ বিশ্বত পুনৰ আতংকৰ সৃষ্টি হৈছে।

ইতিমধ্যে ভালেসংখ্যক দেশে ব্ৰিটেইনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিমান সেনা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা নতুন ক’ৰ’না ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে পূৰ্বৰ কোভিড প্ৰট’কল সমূহে কঠোৰভাৱে মানি চলাটো অতি প্ৰয়োজন বুলি নিৰ্দেশনা জাৰি কৰিছে।