NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ নিজৰি গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা : তিনি বাইক আৰোহী আহত

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা January 3, 2021 3:30 pm
index

কলিয়াবৰৰ নিজৰি গাঁৱত সংঘটিত  হৈছ এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হোৱা দুৰ্ঘটনাটোত ত্ৰিশ ফুট তলত পৰিল তিনিজনকৈ বাইক আৰোহী।

ঘটনাৰ বিৱৰণীৰ মতে এ এছ ০২ এডি ৬৬৫৪ নম্বৰৰ পালছাৰ বাইকখনে দ্ৰুতগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই ত্ৰিশ ফুট তলৰ পথাৰত পৰেগৈ।

ফলত বাইকখনত অহা তিনিজনকৈ আৰোহী ক্ৰমে হাতীগাঁৱৰ জালালউদ্দিন, হাটবাগানৰ নাচিৰউদ্দিন আৰু নিজৰি গাঁৱৰ ইনুচ আলি গুৰুতৰ ভাবে আহত হয়।

স্থানীয় লোকৰ তৎপৰতাত তিনিওজনকে অতি সংকটকজনক অৱস্থাত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।