NORTHEAST NOW (Assamese)
Popular Stories

‘সৰ্বপ্ৰথম ভাৰতে আৰম্ভ কৰিব বিশ্বৰ বৃহত্তম কোভিড টীকাকৰণ কাৰ্যসূচী’: প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 1:05 pm
Modi-2

বিশ্বৰ ভিতৰত ভাৰতেই সৰ্বপ্ৰথম বৃহত্তম কোভিড টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিব। সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি এইদৰে কয়।

দেশৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰা দুটা কোভিড প্ৰতিষেধকেৰে বিশ্বৰ ভিতৰতে প্ৰথম সৰ্ববৃহৎ টীকাকৰণৰ বাবে দেশ সাজু বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

“বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড টীকাকৰণৰ কাৰ্যসূচী ভাৰতে গ্ৰহণ কৰিব। দেশৰ বিজ্ঞানী আৰু টেকনিছিয়ানসকলৰ অৱদানে দেশক গৌৰৱাম্বিত কৰিছে।” প্রধানমন্ত্ৰীয়ে কয়।

সোমবাৰে ৰাষ্ট্ৰীয় পৰিমাণ বিজ্ঞান কনক্লেভত বিজ্ঞানীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে আত্মনিৰ্ভৰ ভাৰতে ‘মেড ইন ইণ্ডিয়া’ৰ এই ভেকচিনে কেৱল বিশ্বৰ চহিদাকে পূৰণ নকৰে ই ভাৰতক বিশ্বত স্বীকৃতিও প্ৰদান কৰিব।

“চাহিদা তথা সংখ্যাতকৈ মানদণ্ড আমাৰ বাবে গুৰুত্বপূৰ্ণ।” বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিশ্বত ইয়াৰ বাবে ভাৰতৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে।

উল্লেখ্য যে যোৱা দেওবাৰে ব্ৰিটেইনৰ পিছতে ভাৰততো অক্সফ’ৰ্ডৰ কোভিডশ্বীল্ড ভেকচিন প্ৰয়োগৰ বাবে অনুমোদন দিয়া হৈছে।