NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৯ জানুৱাৰিত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী AJYCP-ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 5:38 pm
CAB protest CAA: Assam tops in opposition, most Indians support, finds Survey

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অহা ৯ জানুৱাৰিত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব।

সংগঠনটোৰ নেতৃত্বই আজি সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে।

ৰাজ্যৰ প্ৰতিখন জিলাতে হ’বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত অহা ২৬ জানুৱাৰিত পুনৰ সংগঠনটোৱে কা বাতিল আৰু অসমত ইনাৰ লাইন পাৰ্মিট (আন্তঃৰাজ্যিক পাৰপত্ৰ) প্ৰৱৰ্তনৰ দাবীত জোঁৰ সমদল উলিয়াব।

যদিহে ইনাৰ লাইন প্ৰৱৰ্তনৰ দাবী কেন্দ্ৰীয় চৰকাৰে মানি নলয় তেন্তে ছাত্ৰ সংগঠনটোৱে পৰৱৰ্তী পৰ্যায়ত দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও নেতৃত্বই জানিবলৈ দিয়ে।

এইবোৰ সমস্যা সমাধানৰ বাবে সংগঠনটোৰ নেতৃত্বই ২৭ জানুৱাৰিত পুনৰ আন্দোলন কৰিব বুলি প্ৰকাশ কৰে।

আনহাতে এজেৱাইচিপিৰ কেন্দ্ৰীয় নেতৃত্বই জানিবলৈ দি কয় যে যোৱা দুই বছৰত সংগঠনটোৱে ৩৬,৪৪,৫০০ টকা বৰঙণি হিচাপে লাভ কৰিছে।