NORTHEAST NOW (Assamese)
অসম

আৰ এছ এছে অসমৰ চালুকীয়া কিশোৰসমাজক যিদৰে জগাই তুলিছে তাৰ পৰিণতি অসমৰ বাবে ভয়ংকৰ : আলফা (স্বা)

Posted by: এন ই নাও নিউজ March 16, 2018 7:52 pm
ulfa-paresh-abhijit

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক ১৯৩০-৪০ দশকৰ হিটলাৰ যুগৰ সৈতে তুলনা কৰিছে আলফা(স্বাঃ)ই। ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই অসমৰ চালুকীয়া কিশোৰৰ দলক যেনেদৰে জগাই তুলিছে তাৰ পৰিণতি অসমৰ বাবে অতি ভয়ংকৰ হ’ব।’ সংযুক্ত মুক্তি বাহিনী অসম(স্বাঃ)ৰ সৈনিক দিৱস উপলক্ষে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আৰু সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু সৰ্বাধিনায়ক অভিজিৎ অসমৰ স্বাক্ষৰ থকা দীঘলীয়া বিবৃতিটোত এইদৰে কোৱা হৈছে।

প্ৰেছ বিজ্ঞপ্তিটোৰ যোগে বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বই ব্যক্তিগত স্বাৰ্থৰ সুযোগ ল’বলৈ গৈ গেৰুৱা ৰাজনীতিৰ উত্থানক প্ৰশ্ৰয় দি দোকোলটঁকা বানত চালুকীয়া কিশোৰসকলক উটি-ভাঁহি যাবলৈ নিদিবলৈ সকলো পিতৃ-মাতৃক আহ্বান জনাইছে। পিতৃ-মাতৃসকলে চালুকীয়া কিশোৰসকলক শিক্ষা দি এনে পন্থাৰ প্ৰতি বিকৰ্ষিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

ULFA_Release

বিদ্ৰোহী সংগঠনটোৰ নেতৃবৃন্দই বিবৃতিটোত উল্লেখ কৰে, ‘’১৯৫০ ৰ দশকত ভাৰতীয় স্বয়ংসেৱক সংঘই অসম ভূমিত তীব্ৰ প্ৰচাৰৰে থিতাপি ল’বলৈ কৰা প্ৰচেষ্টা নিষ্ফল হৈছিল। কিন্তু এইবেলি সংঘৰ প্ৰচাৰকসকলে অধিক সংঘবদ্ধতাৰে জোৰ দিছে। সংঘৰ প্ৰচাৰকৰ দলে অসমৰ গাঁৱে-ভূঁয়ে পিয়াপি দি, আখল পৰ্যন্ত পাইছেগৈ। ৰাইজে পুনৰাই এই গুপ্তচৰ সকলক অসম এৰিবলৈ বাধ্য কৰোৱা উচিত।‘’

আনহাতে বিবৃত্তিটোত তেওঁলোকে সতীৰ্থসকলক মাদক দ্ৰব্য আৰু উৎসৱৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনাই কয়, ‘’মাদক দ্ৰব্য আৰু মাত্ৰাধিক উৎসৱৰ ৰাগিত ঢোবাং-বাং হোৱা অসমৰ ছবিখন চকু মেলি চোৱাৰ সময় আহি পৰিছে। গতিকে আমাৰ সতীৰ্থসকলে এই ক্ষেত্ৰত নিজকে সজাগ কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে।‘’

এই সন্দৰ্ভত বিবৃতিটোত বাখ্যা আগবঢ়াই উল্লেখ কৰে, ‘আমি লক্ষ্য কৰিছো, অসমৰ থলগিৰিৰ উৎসৱৰ সৈতে ন-ন উৎসৱৰ পয়োভৰ আৰু লানি নিছিগা উৎসৱৰ ৰাগিৰ যোগেদি চৌপাশে গঢ়ি উঠা ভয়ংকৰ পৰিস্থিতিৰ পৰা অসমবাসীক আঁতৰাই ৰখা হৈছে। অসমৰ জনসাধাৰণক বিনোদন উপভোগ কৰাত বাধা দিয়া নাই। কিন্তু বিনোদনসৰ্বস্ব জীৱনশৈলী কৰ্ম বমুখতাৰ নামান্তৰ। কৰ্মৰে নিজৰ লগতে আনৰ আৰু দেশৰ উন্নতিৰ পৰা যি অনাবিল আনন্দ সেই প্ৰাপ্য দীৰ্ঘম্যাদী আৰু লগতে হিতকাৰী।’

আনহাতে সেই বিবৃত্তিটোত তেওঁলোকে এন চি চিক কটাক্ষ কৰি স্পষ্টকৈ উল্লেখ কৰে যে যুৱ প্ৰজন্মক দীৰ্ঘদিন ধৰি এন চি চিৰ অনুশীলনৰ প্ৰতি আগ্ৰহী কৰি তোলা হৈছে।

ULFA_2