NORTHEAST NOW (Assamese)
অসম

হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে অসমৰ জনপ্ৰিয় অভিনেতা অতুল পাচনিয়ে

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা January 6, 2021 7:47 pm
VideoCapture_20210106-183619

এচাম লোকে জাতি-ধৰ্মৰ নামত আমাৰ সমাজখনক ভাগ-ভাগ কৰি ৰাজনৈতিক অথবা নিজস্ব ন্যস্ত স্বাৰ্থ সিদ্ধি কৰাৰ অপচেষ্টা চলাই থকাৰ সময়তে নগাঁও জিলাৰ পুৰণিগুদামৰ এক অনুষ্ঠানত উপস্থিত থকা অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিয়ে উভতি ধৰিলে অপ্ৰাসংগিক কথাৰে বিভিন্ন সময়ত বহুল বিতৰ্কৰ সূচনা কৰি সততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা তথাকথিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক।

বিগত ২০২০ বৰ্ষত স্থাপন হোৱা পুৰণিগুদামৰ মিকিৰহাটস্থিত ‘পুৰণিগুদাম কলংপাৰ জাতীয় বিদ্যালয়’ৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বুধবাৰে অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি শেষত সংবাদ মাধ্যমৰ সন্মুখত বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে অভিনেতা অতুল পাচনিয়ে।

ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশত সকলোৰে মাজত ব্ৰতী থকা ভাতৃত্ববোধৰ মধুৰ সম্পৰ্কত মোক্ষম আঘাত সানিছে বুলি মন্তব্য কৰি সত্যৰঞ্জন বৰাই বিশেষ ধৰ্মাৱলম্বী তথা সম্প্ৰদায়ৰ বিৰুদ্ধে শেহতীয়াকৈ কৰি অহা ইতিকিং সূচক মন্তব্যক গৰিহণা দি বিতৰ্কিত নেতাগৰাকীৰ বিৰুদ্ধে সৰব হোৱা দেখা গ’ল অভিনেতাগৰাকীক।

সমাজখনক ছিন্ন-বিচ্ছিন্ন কৰিবলৈ চেষ্টা নকৰিবলৈ অথবা তেনে অহেতুক মন্তব্য কৰাৰ পৰা সত্যৰঞ্জন বৰাক বিৰত থাকবলৈও পৰামৰ্শ দিছে অভিনেতা অতুল পাচনিয়ে। অন্যথা সময়ে কেতিয়াও সত্যৰঞ্জন বৰাক ৰেহাই নিদিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে বিতৰ্কিত নেতাগৰাকীক সোঁৱৰাই অতুল পাচনিয়ে।

ইফালে পুৰণিগুদামৰ বিশিষ্ট শিক্ষাবিদ, জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ ফনীন্দ্ৰ নাথ গায়নৰ সভাপতিত্বত, শিক্ষয়ত্ৰী শেৱালি বৰুৱা আৰু ববিতা গোস্বামীয়ে আঁত ধৰা সভাখনত তথা জ্যেষ্ঠ নাগৰিক, সমাজকৰ্মী পুলিন হাজৰিকা, বিশিষ্ট কবি-গল্পকাৰ কৃষ্ণ গোস্বামীসহ অঞ্চলটোৰ বহুকেইজন গণ্য-মান্য ব্যক্তি, শিক্ষক-শিক্ষয়ত্ৰী-অভিভাৱক আৰু প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতত অনুষ্টুপীয়াকৈ অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিভিন্ন তত্বগধুৰ বিষয় ব্যংগাত্মকভাবে প্ৰকাশ কৰি শিশুসকলৰ মাজত বিভিন্ন দিশত সজাগতা সৃষ্টি প্ৰয়াস কৰা দেখা গ’ল অনুষ্ঠানটোৰ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা প্ৰৱীণ জনপ্ৰিয় শিল্পীগৰাকীক।

ঐতিহ্যমণ্ডিত ঠাইৰ এটি পবিত্ৰ শিক্ষানুষ্ঠান হোৱাৰ হেতুকে প্ৰতিবছৰে ৬ জানুৱাৰী তাৰিখে পুৰণিগুদাম কলংপাৰ জাতীয় বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত জ্যেষ্ঠ অভিনেতাগৰাকীয়ে উপস্থিত থাকিব বুলিও ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে অভিনেতাগৰাকীয়ে।