NORTHEAST NOW (Assamese)
Popular Stories

বাতিল হ’ব নেকি পৰৱৰ্তী টেষ্ট! : ছিডনী টেষ্টৰ পূর্বে ভাৰতীয় শিবিৰত অনিশ্চয়তাৰ কলীয়া ডাৱৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 7:03 am
index

ছিডনী টেষ্টৰ পূৰ্বে ব্ৰীছবেনত হ’বলগীয়া চতুৰ্থ টেষ্ট মেচক লৈ অনিশ্চয়তাই দেখা দিছে।

প্ৰশাসনে কঠোৰ কোৱাৰেন্টাইন নিয়ম জাৰি কৰাৰ ফলত এই সমস্যাই দেখা দিছে। কঠোৰ কোৱাৰেন্টাইন জাৰি কৰাৰ ফলত ভাৰতীয় দলটো সমস্যাত পৰিছে।

বিষয়টোক লৈ দুই দেশৰ ব’ৰ্ডৰ মাজত ইতিমধ্যে আলোচনাও আৰম্ভ হৈছে।

ইফালে ব্ৰীছবেনৰ গাব্বা টেষ্ট মেচখন অহা ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱাৰ কথা। জানিব পৰা মতে কুইন্সলেণ্ডত ক’ৰ’ণাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে।

ইফালে মেলব’ৰ্ণ টেষ্ট গ্ৰাউণ্ডক কোভিড হাস্পতাল হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

শুকুৰবাৰে প্ৰশাসনৰ ফালৰ পৰা ৰাহানেৰ দলটোক অধিক কঠোৰ কোৱাৰেন্টাইন নিয়ম পালন কৰিব লাগিব বুলিও জনোৱা হৈছে। ফলত টেষ্ট মেচখনক লৈ অনিশ্চয়তাই দেখা দিছে।

ইফালে টিম ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা হৈছে যে সম্প্ৰতি ভাৰতীয় দলটোক কোভিড টেষ্ট কৰোৱা হৈছে আৰু দলটোৰ প্ৰত্যেকৰে ৰিপ’ৰ্ট নিগেটিভ আহিছে। ফলত দলটো কোৱাৰেন্টাইন নাথাকিলেও হ’ব।

প্ৰশাসনে কোৱাৰেন্টাইনৰ নিয়ম শীথিল বা সলনি নকৰিলে ছিডনীতে চতুৰ্থ টেষ্ট অনুষ্ঠিত কৰাৰো দাবী কৰিছে ভাৰতীয় পক্ষই। অন্যথা ভাৰতীয় দলটো স্বদেশলৈ ওভটিবলৈ বাধ্য হ’ব বুলি জনোৱা হৈছে।

জানিব পৰা মতে চলিত সপ্তাহৰ মাজতে এই সমগ্ৰ বিষয়টো নিষ্পত্তি কৰাৰ বাবে ভাৰতী ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ক্ৰিকেট অষ্ট্ৰেলিয়াক লিখিতভাৱে জনাব।

আনহাতে ক্ৰিকেট বিষেজ্ঞৰ মতে ক্ৰিকেট অষ্ট্ৰেলিয়া আৰু সংবাদ মাধ্যমে ছিডনীত পুনৰ মেচ  হোৱাতো বিচৰা নাই।

কাৰণ বিৰাট কোহলী, ইশান্ত শৰ্মা আৰু মহম্মদ ছামীৰ অবিহনে এইখন গ্ৰাউণ্ডত ভাৰতে টেষ্ট মেচত জয়ী হোৱাৰ পিছত অষ্ট্ৰেলিয়াই ইয়াত পুনৰ মেচ অনুষ্ঠিত কৰাৰ ৰিস্ক ল’ব খোজা নাই।