NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা মৰাণত আৰম্ভ ‘ৰাইজৰ দল’ৰ প্ৰথমখন জাতীয় অভিৱৰ্তন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 3:13 pm

ডিব্ৰুগড় জিলাৰ মৰাণৰ আহোম গাঁৱত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘ৰাইজৰ দল’ৰ প্ৰথমখন জাতীয় অভিৱৰ্তন।

অভিৱৰ্তনৰ প্ৰথম দিনটোতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ৰ সংবিধান গৃহীত হ’ব।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলৰ প্ৰথম অভিৱৰ্তনৰ “অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহন” কাৰ্যসূচীলৈ  ৭০ সংগঠন আৰু বীৰ লাচিত সেনাৰ নেতৃত্বক নিমন্ত্ৰণ জনোৱা হৈছে।

আজি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হৈছে দলটোৰ প্ৰথম অভিৱৰ্তনৰ কাৰ্যসূচী।

পতাকা উত্তোলন কৰে পদ্মভূষণ জাহ্নু বৰুৱাই।

প্ৰথম দিনটোত ৯.৩০ বজাত ছহিদ তৰ্পন, ১০ বজাত প্ৰতিনিধি পঞ্জীয়ন, ১১ বজাত প্ৰতিনিধি শিবিৰ মুকলি, ১১.৩০ বজাত সতীৰ্থ সন্মিলন, দিনৰ ২ বজাত আহাৰ বিৰতি,৩ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অভিৱৰ্তনৰ প্ৰথম দিনটোতে ৰাইজৰ দলৰ নেতৃত্ব আৰু সাধাৰণ জনতাই কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে জামিন লাভ কৰিব বুলি অধীৰ আগ্ৰহেৰে বাট চাই আছিল সেয়া হৈ উঠিল।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন খাৰিজ কৰিছে।

ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু কে এল চুড়ানা বিচাৰপীঠে অখিল গগৈৰ জামিন সন্দৰ্ভত দিলে এই চুড়ান্ত ৰায়।

NIAৰ প্ৰথমটো গোচৰ অৰ্থাৎ চান্দমাৰি থানাৰ ১৩/১৯ নম্বৰ গোচৰত জামিন মঞ্জুৰ নহ’ল অখিল গগৈৰ।

যোৱা ১৩ অক্টোবৰৰ পৰা ১৭ ডিচেম্বৰলৈকে চলা দীঘলীয়া শুনানিৰ অন্তত আজি এই চুড়ান্ত ৰায়দান দিলে উচ্চ ন্যায়ালয়ে।